ছূৰা 19 · জুজ 16

Maryam · 19:17

فَاتَّخَذَتْ مِنْ دُونِهِمْ حِجَابًا فَأَرْسَلْنَا إِلَيْهَا رُوحَنَا فَتَمَثَّلَ لَهَا بَشَرًا سَوِيًّا

তাৰ পিছত তেওঁ সিহঁতৰ পৰা নিজকে পৰ্দা কৰিলে। তেতিয়া আমি তেওঁৰ ওচৰত আমাৰ ৰূহ (জীব্ৰীল)ক প্ৰেৰণ কৰিলো, তেওঁ তেওঁৰ ওচৰত পূৰ্ণ মানৱাকৃতিত আত্মপ্ৰকাশ কৰিলে।

তাফছীৰ

ফলত তেওঁ নিজৰ বাবে এখন তম্বু সাজি লৈছিল। যাতে তেওঁ যেতিয়া নিজ প্ৰতিপালকৰ ইবাদত কৰিব তেতিয়া তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক প্ৰত্যক্ষ নকৰে। এই সময়ছোৱাতে আমি জিব্ৰীল আলাইহিচ্ছালামক তেওঁৰ ওচৰলৈ প্ৰেৰণ কৰিলোঁ। জিব্ৰীল আলাইহিচ্ছালাম তেওঁৰ ওচৰলৈ সম্পূৰ্ণৰূপে মানৱ আকৃতি ধাৰণ কৰি আগমণ কৰিলে। কিন্তু মৰিয়মে ভয় কৰিলে, ভাৱিলে কিবা বেয়া কৰ্ম কৰিব বিচাৰে নেকি।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক