ছূৰা 19 · জুজ 16

Maryam · 19:8

قَالَ رَبِّ أَنَّىٰ يَكُونُ لِي غُلَامٌ وَكَانَتِ امْرَأَتِي عَاقِرًا وَقَدْ بَلَغْتُ مِنَ الْكِبَرِ عِتِيًّا

তেওঁ ক’লে, ‘হে মোৰ ৰব! কেনেকৈ মোৰ পুত্ৰ সন্তান হ’ব, অথচ মোৰ স্ত্ৰী বন্ধা আৰু মই বাৰ্ধক্যৰ শেষ সীমাত উপনীত হৈছো’!

তাফছীৰ

যাকাৰিয়্যা আলাইহিচ্ছালামে আল্লাহৰ ক্ষমতা দেখি আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ মোৰ ঘৰত কেনেকৈ পুত্ৰ সন্তান জন্ম লভিব, অথচ মোৰ পত্নী হৈছে বন্ধ্যা আৰু মই নিজেও বৃদ্ধাৱস্থাৰ অন্তিম সীমাত উপনীত হৈছোঁ। ইপিনে মোৰ হাড়সমূহও দুৰ্বল হৈ পৰিছে?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক