ছূৰা 19 · জুজ 16
Maryam · 19:7
يَا زَكَرِيَّا إِنَّا نُبَشِّرُكَ بِغُلَامٍ اسْمُهُ يَحْيَىٰ لَمْ نَجْعَلْ لَهُ مِنْ قَبْلُ سَمِيًّا
(আল্লাহে ক’লে,) ‘হে যাকাৰিয়্যা! নিশ্চয় আমি তোমাক এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছোঁ, যাৰ নাম হ’ব ইয়াহয়া; এই নামেৰে আমি আগতে কাকো নামকৰণ কৰা নাছিলো’।
তাফছীৰ
আল্লাহে তেওঁৰ দুআ কবুল কৰিলে আৰু তেওঁক সম্বোধন কৰি ক'লেঃ হে যাকাৰিয়্যা! নিশ্চয় আমি আপোনাক এটা শুভসংবাদ শুনাম, আমি আপোনাৰ দুআ কবুল কৰিছোঁ। আমি আপোনাক এজন সুপুত্ৰ প্ৰদান কৰিম, যাৰ নাম হ'ব ইয়াহইয়া। তেওঁৰ পূৰ্বে আমি এই নাম আন কাকো দিয়া নাছিলোঁ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক