ছূৰা 19 · জুজ 16
Maryam · 19:80
وَنَرِثُهُ مَا يَقُولُ وَيَأْتِينَا فَرْدًا
আৰু সি যি (ধন-সম্পদ, জনবলৰ কথা) কয়, (তাৰ মৃত্যুৰ পিছত) সেয়া থাকিব আমাৰ অধিকাৰত আৰু সি অকলশৰীয়া হৈ আমাৰ ওচৰত উপস্থিত হবহি।
তাফছীৰ
আমি তাক ধ্বংস কৰাৰ পিচত তাৰ সকলো ধন-সম্পত্তি আৰু সন্তান-সন্ততি জব্দ কৰিম। আৰু কিয়ামতৰ দিনা তাক অকলশৰীয়াভাৱে লৈ আহিম। তেতিয়া তাৰ ওচৰত ধন-সম্পত্তি তথা মান-মৰ্যাদা বোলা একোৱে নাথাকিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক