ছূৰা 19 · জুজ 16
Maryam · 19:23
فَأَجَاءَهَا الْمَخَاضُ إِلَىٰ جِذْعِ النَّخْلَةِ قَالَتْ يَا لَيْتَنِي مِتُّ قَبْلَ هَٰذَا وَكُنْتُ نَسْيًا مَنْسِيًّا
তাৰ পিছত প্ৰসৱ-বেদনাই তেওঁক এজোপা খেজুৰ গছৰ তলত আশ্ৰয় নিবলৈ বাধ্য কৰিলে। তেওঁ ক’লে, ‘হায়, ইয়াৰ আগতেই যদি মই মৃত্যুবৰণ কৰিলোহেঁতেন আৰু মানুহৰ স্মৃতিৰ পৰা সম্পূৰ্ণৰূপে হেৰাই গ’লোহেঁতেন!’
তাফছীৰ
ইপিনে তেওঁৰ প্ৰসৱ যন্ত্ৰণা বৃদ্ধি পালে, আৰু ইয়াৰ ফলত তেওঁ এখন খেজুৰ গছৰ তলত গৈ আশ্ৰয় ল'লে, মৰিয়ম আলাইহাচ্ছালামে ক'লেঃ হায়! মই যদি এই দিনটো দেখাৰ পূৰ্বেই মৃত্যুবৰণ কৰিলোহেঁতেন, আৰু মই যদি এনেকুৱা বস্তুত পৰিণত হলোহেঁতেন যিটো উল্লেখযোগ্য একোৱে নহয়। ফলত মোৰ বিষয়ে কোনেও বেয়া ধাৰণা পোষণ কৰিব নোৱাৰিলেহেঁতেন।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক