ছূৰা 19 · জুজ 16
Maryam · 19:34
ذَٰلِكَ عِيسَى ابْنُ مَرْيَمَ ۚ قَوْلَ الْحَقِّ الَّذِي فِيهِ يَمْتَرُونَ
এওঁৱেই হৈছে মাৰইয়ামৰ পুত্ৰ ঈছা। (যিটো বৰ্ণনা কৰা হ’ল) এইটোৱে সত্য কথা, যি বিষয়ে সিহঁতে সন্দেহ পোষণ কৰিছে।
তাফছীৰ
উক্ত বিশেষণেৰে বিশেষিত ব্যক্তি গৰাকীয়ে হৈছে ঈছা আলাইহিচ্ছালাম। এইটোৱেই হৈছে তেওঁৰ বিষয়ে সত্য বাৰ্তা। সেইটো কেতিয়াও সত্য নহয় যিটো পথভ্ৰষ্টসকলে তেওঁৰ বিষয়ে সন্দেহ পোষণ কৰি কয় আৰু মতভেদ সৃষ্টি কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক