ছূৰা 19 · জুজ 16
Maryam · 19:44
يَا أَبَتِ لَا تَعْبُدِ الشَّيْطَانَ ۖ إِنَّ الشَّيْطَانَ كَانَ لِلرَّحْمَٰنِ عَصِيًّا
‘হে মোৰ পিতৃ! চয়তানৰ ইবাদত নকৰিব। নিশ্চয় চয়তান ৰহমানৰ অবাধ্য।
তাফছীৰ
হে মোৰ পিতা! আপুনি চয়তানৰ অনুসৰণ কৰি তাৰ পূজা-পাঠ নকৰিব। নিশ্চয় চয়তান হৈছে দয়াময় ৰহমানৰ অবাধ্য। যেতিয়া তাক আল্লাহে আদমক ছাজদাহ কৰিবলৈ আদেশ দিছিল তেতিয়া সি ছাজদাহ কৰা নাছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক