ছূৰা 19 · জুজ 16
Maryam · 19:21
قَالَ كَذَٰلِكِ قَالَ رَبُّكِ هُوَ عَلَيَّ هَيِّنٌ ۖ وَلِنَجْعَلَهُ آيَةً لِلنَّاسِ وَرَحْمَةً مِنَّا ۚ وَكَانَ أَمْرًا مَقْضِيًّا
তেওঁ ক’লে, ‘এইদৰেই হ’ব’। তোমাৰ প্ৰতিপালকে কৈছে, ‘এইটো মোৰ বাবে সহজ; আৰু আমি তেওঁক এই বাবে সৃষ্টি কৰিম যাতে তেওঁ মানুহৰ বাবে এটা নিদৰ্শন হয় আৰু আমাৰ ফালৰ পৰা এটা অনুগ্ৰহ; এইটো এটা সিদ্ধান্তকৃত বিষয়’।
তাফছীৰ
জিব্ৰীলে তেওঁক ক'লেঃ হয়, আপুনি কোৱা কথাষাৰেই ঠিক, আপোনাক স্বামীয়েও স্পৰ্শ কৰা নাই তথা আন কোনো পুৰুষৰো সংস্পৰ্শত আপুনি অহা নাই, আৰু আপুনি কোনো ব্যভিচাৰিণীও নহয়। কিন্তু আপোনাৰ পৱিত্ৰ প্ৰতিপালকে কৈছে, পিতৃ নোহোৱাকৈ সন্তান সৃষ্টি কৰা মোৰ পক্ষে তেনেই সহজ। আৰু আপোনাক প্ৰদান কৰা এই সন্তান মানুহৰ বাবে আল্লাহৰ ক্ষমতাৰ প্ৰতীক হ'ব, তথা আমাৰ ফালৰ পৰা আপোনাৰ বাবে আৰু মুমিনসকলৰ বাবে হ'ব ৰহমত। দৰাচলতে আপোনাৰ এই সন্তানৰ সৃষ্টিটো হৈছে আল্লাহৰ পূৰ্বনিৰ্ধাৰিত এটা সিদ্ধান্ত, যিটো লওহে মাহফুজত লিপিবদ্ধ আছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক