ছূৰা 19 · জুজ 16

Maryam · 19:62

لَا يَسْمَعُونَ فِيهَا لَغْوًا إِلَّا سَلَامًا ۖ وَلَهُمْ رِزْقُهُمْ فِيهَا بُكْرَةً وَعَشِيًّا

তাত তেওঁলোক ছালাম তথা শান্তিৰ বাহিৰে আন কোনো অসাৰ বাক্য শুনিবলৈ নাপাব আৰু তাত পুৱা-গধূলি তেওঁলোকৰ বাবে থাকিব তেওঁলোকৰ ৰিজিক্ব (আহাৰ)।

তাফছীৰ

তেওঁলোকে তাত কোনো ধৰণৰ অযথা কথা তথা অশ্লীল শব্দ শুনিবলৈ নাপাব। বৰং তেওঁলোকে ইজনে সিজনক কৰা ছালাম শুনিবলৈ পাব আৰু ফিৰিস্তাসকলে তেওঁলোকক কৰা ছালাম শুনিবলৈ পাব। লগতে তেওঁলোকে বিচৰা সকলো প্ৰকাৰ খাদ্য পূৱা-গধুলি তাত পাই থাকিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক