ছূৰা 19 · জুজ 16
Maryam · 19:61
جَنَّاتِ عَدْنٍ الَّتِي وَعَدَ الرَّحْمَٰنُ عِبَادَهُ بِالْغَيْبِ ۚ إِنَّهُ كَانَ وَعْدُهُ مَأْتِيًّا
এইটো চিৰস্থায়ী জান্নাত, যাৰ গায়েবী প্ৰতিশ্ৰুতি পৰম কৰুণাময়ে তেওঁৰ বান্দাসকলক প্ৰদান কৰিছিল। নিশ্চয় তেওঁৰ প্ৰতিশ্ৰুতি বিষয় অৱশ্যম্ভাৱী।
তাফছীৰ
প্ৰতিষ্ঠিত জান্নাত, য'ত তেওঁলোক চিৰকাল বসবাস কৰিব, যিটো ৰহমানে তেওঁৰ পূণ্যৱান বান্দাসকলৰ বাবে গায়েবৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে, তেওঁলোকক তাত প্ৰৱেশ কৰাব। তেওঁলোকে সেইখন নেদেখাকৈয়ে তাৰ প্ৰতি ঈমান আনিছে। আল্লাহে প্ৰদান কৰা জান্নাতৰ প্ৰতিশ্ৰুতি যদিও অদৃশ্য কিন্তু সেয়া নিশ্চয় পূৰণ হ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক