ছূৰা 19 · জুজ 16

Maryam · 19:60

إِلَّا مَنْ تَابَ وَآمَنَ وَعَمِلَ صَالِحًا فَأُولَٰئِكَ يَدْخُلُونَ الْجَنَّةَ وَلَا يُظْلَمُونَ شَيْئًا

কিন্তু সেইসকল লোকৰ বাহিৰে, যিসকলে তাওবা কৰিছে, ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব। তেওঁলোকৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।

তাফছীৰ

কিন্তু যিয়ে নিজৰ ভুল-ত্ৰুটিৰ পৰা তাওবা কৰিছে আৰু আল্লাহৰ প্ৰতি ঈমান আনিছে তথা নেক কৰ্ম কৰিছে, তেন্তে এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলে জান্নাতত প্ৰৱেশ কৰিব। তেওঁলোকৰ আমলৰ প্ৰতিদান অকণো হ্ৰাস কৰা নহ'ব, যিমানেই কম নহওক কিয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক