ছূৰা 19 · জুজ 16
Maryam · 19:67
أَوَلَا يَذْكُرُ الْإِنْسَانُ أَنَّا خَلَقْنَاهُ مِنْ قَبْلُ وَلَمْ يَكُ شَيْئًا
মানুহে স্মৰণ নকৰে নেকি যে, আমি তাক ইয়াৰ পূৰ্বে সৃষ্টি কৰিছো অথচ সি একোৱেই নাছিল?
তাফছীৰ
পুনৰুত্থানক অস্বীকাৰকাৰী এই ব্যক্তিয়ে স্মৰণ নকৰে নেকি যে, নিশ্চয় আমিয়েই তাক সৃষ্টি কৰিছো যেতিয়া তাৰ অস্তিত্বই নাছিল? (যদি সি চিন্তা-চৰ্চা কৰিলেহেঁতেন তেন্তে অৱশ্যে সি গম পালেহেঁতেন যে,) প্ৰথম সৃষ্টিয়ে দ্বিতীয় সৃষ্টিৰ প্ৰমাণবহন কৰে। লগতে দ্বিতীয়বাৰ সৃষ্টি কৰাটো হৈছে অধিক সহজ তথা উজু।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক