ছূৰা 19 · জুজ 16
Maryam · 19:26
فَكُلِي وَاشْرَبِي وَقَرِّي عَيْنًا ۖ فَإِمَّا تَرَيِنَّ مِنَ الْبَشَرِ أَحَدًا فَقُولِي إِنِّي نَذَرْتُ لِلرَّحْمَٰنِ صَوْمًا فَلَنْ أُكَلِّمَ الْيَوْمَ إِنْسِيًّا
এতেকে খোৱা, পান কৰা আৰু চকু জুৰ পেলোৱা। যদি কোনো মানুহৰ লগত তোমাৰ দেখা হয় তেন্তে ক’বা, ‘মই ৰহমানৰ উদ্দেশ্যে মৌনতা অৱলম্বনৰ মানত কৰিছো। সেয়ে মই আজি কাৰো লগত কথা নকওঁ’।
তাফছীৰ
এতেকে সতেজ খেজুৰ আৰু পানী খোৱা, আৰু নৱজাতককলৈ মন শান্ত কৰা তথা দুখ নকৰিবা। আনহাতে যদি কোনো মানুহ দেখা পোৱা, সি যদি নৱজাতকৰ বিষয়ে কিবা সোধে তেন্তে তাক ক'বাঃ মই মোৰ প্ৰতিপালকৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে কথা নোকোৱাৰ শপত খাইছো। সেয়ে আজি মই কাৰো লগত কথা নকওঁ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক