ছূৰা 19 · জুজ 16
Maryam · 19:5
وَإِنِّي خِفْتُ الْمَوَالِيَ مِنْ وَرَائِي وَكَانَتِ امْرَأَتِي عَاقِرًا فَهَبْ لِي مِنْ لَدُنْكَ وَلِيًّا
আৰু মই মোৰ পিছত মোৰ স্বগোত্ৰীয় সকলৰ বিষয়ে আশংকাবোধ কৰিছো; আৰু মোৰ স্ত্ৰীও হৈছে বন্ধা। সেয়ে তুমি তোমাৰ ফালৰ পৰা মোক এজন উত্তৰাধিকাৰী দান কৰা,
তাফছীৰ
মোৰ আশংকা হয় মোৰ আত্মীয়সকলে মোৰ মৃত্যুৰ পিচত সাংসাৰীক কামত লিপ্ত হৈ ধাৰ্মিক কৰ্তব্য নিৰ্বাহ কৰা পাহৰি যায় নেকি। ইপিনে মোৰ স্ত্ৰীও বন্ধ্যা। এতেকে তুমি মোক এজন পুত্ৰ সন্তান দান কৰা, যিজন মোৰ বাবে সহায়ক হ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক