ছূৰা 19 · জুজ 16
Maryam · 19:4
قَالَ رَبِّ إِنِّي وَهَنَ الْعَظْمُ مِنِّي وَاشْتَعَلَ الرَّأْسُ شَيْبًا وَلَمْ أَكُنْ بِدُعَائِكَ رَبِّ شَقِيًّا
তেওঁ কৈছিল, ‘হে মোৰ ৰব! মোৰ অস্থি দুৰ্বল হৈছে, বাৰ্ধক্যত মোৰ মূৰ শুভ্ৰোজ্জ্বল হৈছে; হে মোৰ ৰব! তোমাৰ ওচৰত দুআ কৰি মই কেতিয়াও ব্যৰ্থ হোৱা নাই।
তাফছীৰ
তেওঁ কৈছিলঃ হে মোৰ প্ৰতিপালক! মোৰ হাড়সমূহ দুৰ্বল হৈ গৈছে, মোৰ মূৰৰ চুলি বেছি ভাগেই বগা হৈছে। তথা মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰি কেতিয়াও নিৰাশ হোৱা নাই। বৰং মই যেতিয়াই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তুমি সেয়া কবুল কৰিছা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক