ছূৰা 19 · জুজ 16

Maryam · 19:15

وَسَلَامٌ عَلَيْهِ يَوْمَ وُلِدَ وَيَوْمَ يَمُوتُ وَيَوْمَ يُبْعَثُ حَيًّا

আৰু তেওঁৰ প্ৰতি শান্তি যিদিনা তেওঁ জন্ম লাভ কৰিছে, যিদিনা তেওঁ মৃত্যুবৰণ কৰিব আৰু যিদিনা তেওঁ জীৱিত অৱস্থাত উত্থিত হ’ব।

তাফছীৰ

তেওঁৰ বাবে আল্লাহৰ ফালৰ পৰা শান্তি নিৰ্ধাৰিত, যিদিনা তেওঁ জন্ম গ্ৰহণ কৰিছে আৰু যিদিনা তেওঁ মৃত্যুবৰণ কৰিব তথা এই পাৰ্থিৱ জীৱনৰ পৰা বিদায় লব, আৰু কিয়ামতৰ দিনা যেতিয়া তেওঁ জীৱিত হৈ পুনৰুত্থিত হ'ব। দৰাচলতে এইটোৱে সেই ভয়াৱহ তিনিটা স্থান, যিটো প্ৰত্যেক মানুহেই অতিক্ৰম কৰিব লাগিব। যদি ইয়াৰ পৰা সুকলমে অতিক্ৰম কৰিব পাৰে তেন্তে তাৰ বাবে আন ক’তো কোনো ভয় নাথাকে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক