ছূৰা 19 · জুজ 16
Maryam · 19:10
قَالَ رَبِّ اجْعَلْ لِي آيَةً ۚ قَالَ آيَتُكَ أَلَّا تُكَلِّمَ النَّاسَ ثَلَاثَ لَيَالٍ سَوِيًّا
যাকাৰিয়্যাই ক’লে, ‘হে মোৰ ৰব! মোক এটা নিদৰ্শন দিয়া’। তেওঁ ক’লে, ‘তোমাৰ নিদৰ্শন এইটোৱে যে, তুমি সুস্থ থকা সত্বেও তিনি দিন কাৰো লগত কথা নকবা’।
তাফছীৰ
যাকাৰিয়্যা আলাইহিচ্ছালামে ক'লেঃ হে মোৰ প্ৰতিপালক! মোৰ বাবে কিবা এটা সংকেত নিৰ্ধাৰণ কৰি দিয়া, যাতে মোৰ অন্তৰে সন্তুষ্টি লাভ কৰে সেই বিষয়টো অৰ্জন কৰিবলৈ যিটো তুমি ফিৰিস্তাসকলৰ দ্বাৰা সুসংবাদ দিছা। আল্লাহে ক'লেঃ আপোনাক যিটো সুসংবাদ দিয়া হৈছে, সেইটো লাভ কৰাৰ সংকেত হৈছে এই যে, আপুনি তিনিদিনলৈকে মানুহৰ লগত কথা ক'ব নোৱাৰিব, অথচ আপোনাৰ কোনো অসুখ নাথাকিব তথা আপুনি সম্পূৰ্ণ সুস্থ থাকিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক