ছূৰা 19 · জুজ 16
Maryam · 19:48
وَأَعْتَزِلُكُمْ وَمَا تَدْعُونَ مِنْ دُونِ اللَّهِ وَأَدْعُو رَبِّي عَسَىٰ أَلَّا أَكُونَ بِدُعَاءِ رَبِّي شَقِيًّا
‘লগতে মই আপোনালোকৰ পৰা আৰু আপোনালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰে সেইবোৰৰ পৰা পৃথক হলো; আৰু মই কেৱল মোৰ প্ৰতিপালকক আহ্বান কৰো; আশা কৰো মই মোৰ প্ৰতিপালকক আহ্বান কৰি ব্যৰ্থ নহওঁ’।
তাফছীৰ
মই আপোনাৰ পৰা আৰু আল্লাহৰ বাহিৰে আপোনালোকে যিবোৰৰ উপাসনা কৰে সেইবোৰৰ পৰা পৃথক হ'লোঁ। মই কেৱলমাত্ৰ মোৰ প্ৰতিপালকৰ ওচৰতেই প্ৰাৰ্থনা কৰোঁ, তেওঁৰ লগত আন কাকো অংশীদাৰ নকৰোঁ। মই আশাবাদী যে, মই যেতিয়া তেওঁৰ ওচৰত দুআ কৰিম, তেতিয়া তেওঁ মোৰ দুআ নাকচ কৰি মোক তেওঁৰ দুআৰ পৰা বঞ্চিত নকৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক