Ta-Ha

سورة طه

ছূৰা 20 · মক্কী · 135 আয়াত

20:1জুজ 16 · পৃ. 312

طه1

ত্বা-হা
20:2জুজ 16 · পৃ. 312

مَا أَنْزَلْنَا عَلَيْكَ الْقُرْآنَ لِتَشْقَىٰ2

আমি তোমাক দুখ-কষ্টত পতিত কৰিবলৈ তোমাৰ প্ৰতি এই কোৰআন অৱতীৰ্ণ কৰা নাই;
20:3জুজ 16 · পৃ. 312

إِلَّا تَذْكِرَةً لِمَنْ يَخْشَىٰ3

বৰং যিয়ে ভয় কৰে তাৰ বাবে উপদেশ স্বৰূপ (অৱতীৰ্ণ কৰিছো),
20:4জুজ 16 · পৃ. 312

تَنْزِيلًا مِمَّنْ خَلَقَ الْأَرْضَ وَالسَّمَاوَاتِ الْعُلَى4

যিজনে পৃথিৱী আৰু সুউচ্চ আকাশসমূহ সৃষ্টি কৰিছে তেওঁৰ তৰফৰ পৰা নাযিলকৃত,
20:5জুজ 16 · পৃ. 312

الرَّحْمَٰنُ عَلَى الْعَرْشِ اسْتَوَىٰ5

পৰম কৰুণাময় (ৰহমান) আৰছৰ ওপৰত উঠিছে।
20:6জুজ 16 · পৃ. 312

لَهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ وَمَا بَيْنَهُمَا وَمَا تَحْتَ الثَّرَىٰ6

আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে লগতে ভূগৰ্ভত যি আছে সেই সকলো তেওঁৰেই।
20:7জুজ 16 · পৃ. 312

وَإِنْ تَجْهَرْ بِالْقَوْلِ فَإِنَّهُ يَعْلَمُ السِّرَّ وَأَخْفَى7

আৰু যদি তুমি উচ্চ কণ্ঠত কথা কোৱা (যদিও ইয়াৰ কোনো প্ৰয়োজন নাই), তেন্তে (জানি থোৱা) তেওঁ গোপন আৰু অতি গোপন সকলো বিষয়ে জানে।
20:8জুজ 16 · পৃ. 312

اللَّهُ لَا إِلَٰهَ إِلَّا هُوَ ۖ لَهُ الْأَسْمَاءُ الْحُسْنَىٰ8

আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সুন্দৰ নামসমূহ কেৱল তেওঁৰেই।
20:9জুজ 16 · পৃ. 312

وَهَلْ أَتَاكَ حَدِيثُ مُوسَىٰ9

আৰু মুছাৰ বৃত্তান্ত তোমাৰ ওচৰত আহি পাইছেনে?
20:10জুজ 16 · পৃ. 312

إِذْ رَأَىٰ نَارًا فَقَالَ لِأَهْلِهِ امْكُثُوا إِنِّي آنَسْتُ نَارًا لَعَلِّي آتِيكُمْ مِنْهَا بِقَبَسٍ أَوْ أَجِدُ عَلَى النَّارِ هُدًى10

তেওঁ যেতিয়া জুই দেখা পালে তেতিয়া তেওঁ নিজ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, নিশ্চয় মই জুই দেখা পাইছো। আশা কৰো মই তোমালোকৰ বাবে তাৰ পৰা অলপ জ্বলন্ত এঙাৰ আনিব পাৰিম নাইবা জুইৰ ওচৰত কোনো পথনিৰ্দেশ পাব পাৰো’।
20:11জুজ 16 · পৃ. 312

فَلَمَّا أَتَاهَا نُودِيَ يَا مُوسَىٰ11

যেতিয়া তেওঁ জুইৰ ওচৰ আহি পালে তেতিয়া তেওঁক আহ্বান কৰা হ’ল, ‘হে মুছা!
20:12জুজ 16 · পৃ. 312

إِنِّي أَنَا رَبُّكَ فَاخْلَعْ نَعْلَيْكَ ۖ إِنَّكَ بِالْوَادِ الْمُقَدَّسِ طُوًى12

‘নিশ্চয় ময়েই তোমাৰ ৰব, এতেকে তোমাৰ জোতাযোৰ খুলি পেলোৱা, কাৰণ তুমি এতিয়া পৱিত্ৰ তোৱা উপত্যকাত আছা।
20:13জুজ 16 · পৃ. 313

وَأَنَا اخْتَرْتُكَ فَاسْتَمِعْ لِمَا يُوحَىٰ13

‘আৰু মই তোমাক মনোনীত কৰিছো। সেয়ে যি অহী প্ৰেৰণ কৰা হয় সেয়া মনোযোগ সহকাৰে শুনা।
20:14জুজ 16 · পৃ. 313

إِنَّنِي أَنَا اللَّهُ لَا إِلَٰهَ إِلَّا أَنَا فَاعْبُدْنِي وَأَقِمِ الصَّلَاةَ لِذِكْرِي14

‘নিশ্চয় ময়েই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে ছালাত কায়েম কৰা।
20:15জুজ 16 · পৃ. 313

إِنَّ السَّاعَةَ آتِيَةٌ أَكَادُ أُخْفِيهَا لِتُجْزَىٰ كُلُّ نَفْسٍ بِمَا تَسْعَىٰ15

‘নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, মই এইটো গোপন ৰাখিব বিচাৰো যাতে প্ৰত্যেককে নিজ নিজ চেষ্টা-সাধনা অনুযায়ী প্ৰতিদান দিয়া যায়।
20:16জুজ 16 · পৃ. 313

فَلَا يَصُدَّنَّكَ عَنْهَا مَنْ لَا يُؤْمِنُ بِهَا وَاتَّبَعَ هَوَاهُ فَتَرْدَىٰ16

‘এতেকে যি ব্যক্তি কিয়ামতৰ প্ৰতি ঈমান পোষণ নকৰে আৰু নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰে, সি যেন তোমাক ইয়াৰ প্ৰতি ঈমান আনাৰ পৰা বিৰত নাৰাখে, অন্যথা তুমি ধ্বংস হৈ যাবা।
20:17জুজ 16 · পৃ. 313

وَمَا تِلْكَ بِيَمِينِكَ يَا مُوسَىٰ17

‘আৰু হে মুছা! তোমাৰ সোঁ হাতত সেইটো কি’?
20:18জুজ 16 · পৃ. 313

قَالَ هِيَ عَصَايَ أَتَوَكَّأُ عَلَيْهَا وَأَهُشُّ بِهَا عَلَىٰ غَنَمِي وَلِيَ فِيهَا مَآرِبُ أُخْرَىٰ18

তেওঁ ক’লে, ‘এইডাল মোৰ লাখুটি, ইয়াৰ ওপৰত মই ভৰ দিওঁ, আৰু ইয়াৰ দ্বাৰা মই মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাওঁ লগতে এইডাল মোৰ অন্যান্য কামতো আহে’।
20:19জুজ 16 · পৃ. 313

قَالَ أَلْقِهَا يَا مُوسَىٰ19

আল্লাহে ক’লে, ‘হে মুছা! তুমি এইডাল (মাটিত) নিক্ষেপ কৰাচোন’।
20:20জুজ 16 · পৃ. 313

فَأَلْقَاهَا فَإِذَا هِيَ حَيَّةٌ تَسْعَىٰ20

তাৰ পিছত তেওঁ সেইডাল নিক্ষেপ কৰিলে, লগে লগে সেয়া এডাল সাপ হৈ দৌৰিব ধৰিলে,
20:21জুজ 16 · পৃ. 313

قَالَ خُذْهَا وَلَا تَخَفْ ۖ سَنُعِيدُهَا سِيرَتَهَا الْأُولَىٰ21

আল্লাহে ক’লে, ‘তুমি এইটো ধৰা, ভয় নকৰিবা, আমি ইয়াক ইয়াৰ আগৰ অৱস্থাত উভতাই দিম।
20:22জুজ 16 · পৃ. 313

وَاضْمُمْ يَدَكَ إِلَىٰ جَنَاحِكَ تَخْرُجْ بَيْضَاءَ مِنْ غَيْرِ سُوءٍ آيَةً أُخْرَىٰ22

‘আৰু তুমি তোমাৰ হাতখন কাষলতিত ৰাখা, সেয়া আৰু এটা নিদৰ্শনস্বৰূপ কোনো ধৰণৰ ত্ৰুটিবিহীন উজ্জ্বল হৈ ওলাই আহিব।
20:23জুজ 16 · পৃ. 313

لِنُرِيَكَ مِنْ آيَاتِنَا الْكُبْرَى23

‘এইটো এই বাবে যে, আমি তোমাক আমাৰ কিছুমান মহান নিদৰ্শনাৱলী দেখুৱাম।
20:24জুজ 16 · পৃ. 313

اذْهَبْ إِلَىٰ فِرْعَوْنَ إِنَّهُ طَغَىٰ24

‘ফিৰআউনৰ ওচৰত যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে’।
20:25 · My Lord, expand my chestজুজ 16 · পৃ. 313

قَالَ رَبِّ اشْرَحْ لِي صَدْرِي25

মুছাই ক’লে, ‘হে মোৰ ৰব! মোৰ বুকু প্ৰশস্ত কৰি দিয়া।
20:26জুজ 16 · পৃ. 313

وَيَسِّرْ لِي أَمْرِي26

‘আৰু মোৰ কাম সহজ কৰি দিয়া,
20:27জুজ 16 · পৃ. 313

وَاحْلُلْ عُقْدَةً مِنْ لِسَانِي27

‘আৰু মোৰ জিভাৰ জড়তা দূৰ কৰি দিয়া-
20:28জুজ 16 · পৃ. 313

يَفْقَهُوا قَوْلِي28

‘যাতে সিহঁতে মোৰ কথা বুজিব পাৰে।
20:29জুজ 16 · পৃ. 313

وَاجْعَلْ لِي وَزِيرًا مِنْ أَهْلِي29

‘আৰু মোৰ পৰিয়ালৰ পৰা মোৰ বাবে এজন সাহায্যকাৰী নিৰ্ধাৰণ কৰি দিয়া;
20:30জুজ 16 · পৃ. 313

هَارُونَ أَخِي30

‘মোৰ ভাই হাৰূনক;
20:31জুজ 16 · পৃ. 313

اشْدُدْ بِهِ أَزْرِي31

‘তেওঁৰ দ্বাৰা মোৰ শক্তি সুদৃঢ় কৰা,
20:32জুজ 16 · পৃ. 313

وَأَشْرِكْهُ فِي أَمْرِي32

‘আৰু তেওঁক মোৰ কামত অংশীদাৰ কৰা,
20:33জুজ 16 · পৃ. 313

كَيْ نُسَبِّحَكَ كَثِيرًا33

‘যাতে আমি তোমাৰ বেছি বেছি তাছবীহ পাঠ কৰিব পাৰো,
20:34জুজ 16 · পৃ. 313

وَنَذْكُرَكَ كَثِيرًا34

‘আৰু অধিক পৰিমাণে স্মৰণ কৰিব পাৰো।
20:35জুজ 16 · পৃ. 313

إِنَّكَ كُنْتَ بِنَا بَصِيرًا35

‘নিশ্চয় তুমি আমাৰ সম্যক দ্ৰষ্টা’।
20:36জুজ 16 · পৃ. 313

قَالَ قَدْ أُوتِيتَ سُؤْلَكَ يَا مُوسَىٰ36

তেওঁ ক’লে, ‘হে মুছা! তুমি যি বিচাৰিছা সেয়া তোমাক প্ৰদান কৰা হ’ল।
20:37জুজ 16 · পৃ. 313

وَلَقَدْ مَنَنَّا عَلَيْكَ مَرَّةً أُخْرَىٰ37

‘আৰু অৱশ্যে আমি তোমাৰ প্ৰতি আৰু এবাৰ অনুগ্ৰহ কৰিছিলো;
20:38জুজ 16 · পৃ. 314

إِذْ أَوْحَيْنَا إِلَىٰ أُمِّكَ مَا يُوحَىٰ38

‘যেতিয়া আমি তোমাৰ মাকক যি জনাবলগীয়া আছিল সেয়া জনাইছিলো,
20:39জুজ 16 · পৃ. 314

أَنِ اقْذِفِيهِ فِي التَّابُوتِ فَاقْذِفِيهِ فِي الْيَمِّ فَلْيُلْقِهِ الْيَمُّ بِالسَّاحِلِ يَأْخُذْهُ عَدُوٌّ لِي وَعَدُوٌّ لَهُ ۚ وَأَلْقَيْتُ عَلَيْكَ مَحَبَّةً مِنِّي وَلِتُصْنَعَ عَلَىٰ عَيْنِي39

‘যে, তুমি ইয়াক বাকচৰ ভিতৰত ৰাখি দিয়া, তাৰ পিছত ইয়াক সাগৰত উটুৱাই দিয়া, যাতে সাগৰে ইয়াক পাৰলৈ ঠেলি দিয়ে, ফলত ইয়াক মোৰ শত্ৰুৱে আৰু তাৰ শত্ৰুৱে উঠাই লৈ যাব। মই মোৰ ফালৰ পৰা তোমাৰ প্ৰতি মুহাব্বত ঢালি দিছিলো, আৰু যাতে তুমি মোৰ চকুৰ আগত প্ৰতিপালিত হোৱা’।
20:40জুজ 16 · পৃ. 314

إِذْ تَمْشِي أُخْتُكَ فَتَقُولُ هَلْ أَدُلُّكُمْ عَلَىٰ مَنْ يَكْفُلُهُ ۖ فَرَجَعْنَاكَ إِلَىٰ أُمِّكَ كَيْ تَقَرَّ عَيْنُهَا وَلَا تَحْزَنَ ۚ وَقَتَلْتَ نَفْسًا فَنَجَّيْنَاكَ مِنَ الْغَمِّ وَفَتَنَّاكَ فُتُونًا ۚ فَلَبِثْتَ سِنِينَ فِي أَهْلِ مَدْيَنَ ثُمَّ جِئْتَ عَلَىٰ قَدَرٍ يَا مُوسَىٰ40

‘যেতিয়া তোমাৰ বায়েৰে খোজ কাঢ়ি গৈ আছিল, তাৰ পিছত (যেতিয়া গৈ পালে) তেওঁ ক’লে, ‘মই তোমালোকক এনে কাৰোবাৰ সন্ধান দিমনে যিয়ে এই শিশুৰ দায়িত্বভাৰ লব পাৰিব’? ফলত আমি তোমাক তোমাৰ মাতৃৰ ওচৰলৈ ঘূৰাই আনিলো, যাতে তেওঁৰ চকু জুৰ পৰে আৰু শোকত ভাঙি নপৰে, আৰু তুমি এজন ব্যক্তিক হত্যা কৰিছিলা; তথাপিও আমি তোমাক মনোকষ্টৰ পৰা মুক্তি দিছিলো আৰু আমি তোমাক বহু পৰীক্ষা কৰিছো। হে মুছা! তাৰ পিছত তুমি কেইবা বছৰো মাদাইনবাসীৰ মাজত অৱস্থান কৰিছিলা, ইয়াৰ পিছত তুমি নিৰ্ধাৰিত সময়ত উপস্থিত হ’লা।
20:41জুজ 16 · পৃ. 314

وَاصْطَنَعْتُكَ لِنَفْسِي41

‘আৰু মই তোমাক মোৰ নিজৰ বাবে প্ৰস্তুত কৰি লৈছো।
20:42জুজ 16 · পৃ. 314

اذْهَبْ أَنْتَ وَأَخُوكَ بِآيَاتِي وَلَا تَنِيَا فِي ذِكْرِي42

‘তুমি আৰু তোমাৰ ভাই মোৰ নিদৰ্শনসমূহ লৈ যাত্ৰা কৰা আৰু মোৰ স্মৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ অলসতা নকৰিবা,
20:43জুজ 16 · পৃ. 314

اذْهَبَا إِلَىٰ فِرْعَوْنَ إِنَّهُ طَغَىٰ43

‘তোমালোকে দুয়ো ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে।
20:44জুজ 16 · পৃ. 314

فَقُولَا لَهُ قَوْلًا لَيِّنًا لَعَلَّهُ يَتَذَكَّرُ أَوْ يَخْشَىٰ44

‘তোমালোকে তাৰ লগত কোমল ভাৱে কথা কবা, হয়তো সি উপদেশ গ্ৰহণ কৰিব অথবা ভয় কৰিব’।
20:45জুজ 16 · পৃ. 314

قَالَا رَبَّنَا إِنَّنَا نَخَافُ أَنْ يَفْرُطَ عَلَيْنَا أَوْ أَنْ يَطْغَىٰ45

তেওঁলোকে ক’লে, ‘হে আমাৰ ৰব! আমাৰ আশংকা হৈছে সি আমাৰ লগত দুৰ্ব্যৱহাৰ কৰিব নাইবা অন্যায় আচৰণত সীমালঙ্ঘন কৰিব’।
20:46জুজ 16 · পৃ. 314

قَالَ لَا تَخَافَا ۖ إِنَّنِي مَعَكُمَا أَسْمَعُ وَأَرَىٰ46

তেওঁ ক’লে, ‘তোমালোকে ভয় নকৰিবা, নিশ্চয় মই তোমালোকৰ লগত আছো, মই শুনো আৰু দেখোঁ’।
20:47জুজ 16 · পৃ. 314

فَأْتِيَاهُ فَقُولَا إِنَّا رَسُولَا رَبِّكَ فَأَرْسِلْ مَعَنَا بَنِي إِسْرَائِيلَ وَلَا تُعَذِّبْهُمْ ۖ قَدْ جِئْنَاكَ بِآيَةٍ مِنْ رَبِّكَ ۖ وَالسَّلَامُ عَلَىٰ مَنِ اتَّبَعَ الْهُدَىٰ47

এতেকে তোমালোকে তাৰ ওচৰত যোৱা আৰু কোৱা, ‘আমি দুয়ো তোমাৰ প্ৰতিপালকৰ ৰাছুল, সেয়ে আমাৰ লগত বনী ইছৰাঈলক যাবলৈ দিয়া আৰু সিহঁতক কষ্ট নিদিবা, আমি তোমাৰ ওচৰত তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা নিদৰ্শন লৈ আহিছো; আৰু যিসকলে সৎপথ অনুসৰণ কৰে তেওঁলোকৰ প্ৰতি শান্তি বৰ্ষিত হওঁক।
20:48জুজ 16 · পৃ. 314

إِنَّا قَدْ أُوحِيَ إِلَيْنَا أَنَّ الْعَذَابَ عَلَىٰ مَنْ كَذَّبَ وَتَوَلَّىٰ48

‘নিশ্চয় আমাৰ প্ৰতি অহী প্ৰেৰণ কৰা হৈছে যে, শাস্তি কেৱল তাৰ বাবে যিয়ে মিছা আৰোপ কৰে আৰু মুখ ঘূৰাই লয়’।
20:49জুজ 16 · পৃ. 314

قَالَ فَمَنْ رَبُّكُمَا يَا مُوسَىٰ49

ফিৰআউনে ক’লে, ‘হে মুছা! তেনেহ’লে তোমালোকৰ ৰব কোন’?
20:50জুজ 16 · পৃ. 314

قَالَ رَبُّنَا الَّذِي أَعْطَىٰ كُلَّ شَيْءٍ خَلْقَهُ ثُمَّ هَدَىٰ50

মুছাই ক’লে, ‘তেৱেঁই আমাৰ ৰব, যিজনে প্ৰত্যেক বস্তুক উপযুক্ত আকৃতি দান কৰিছে, তাৰ পিছত সঠিক পথ নিৰ্দেশ কৰিছে’।
20:51জুজ 16 · পৃ. 314

قَالَ فَمَا بَالُ الْقُرُونِ الْأُولَىٰ51

ফিৰআউনে ক’লে, ‘তেনেহ’লে অতীত যুগৰ লোকসকলৰ অৱস্থা কি’?
20:52জুজ 16 · পৃ. 315

قَالَ عِلْمُهَا عِنْدَ رَبِّي فِي كِتَابٍ ۖ لَا يَضِلُّ رَبِّي وَلَا يَنْسَى52

মুছাই ক’লে, ‘ইয়াৰ জ্ঞান মোৰ প্ৰতিপালকৰ ওচৰত কিতাবত আছে, মোৰ প্ৰতিপালকে ভুল নকৰে আৰু বিস্মৃতও নহয়’।
20:53জুজ 16 · পৃ. 315

الَّذِي جَعَلَ لَكُمُ الْأَرْضَ مَهْدًا وَسَلَكَ لَكُمْ فِيهَا سُبُلًا وَأَنْزَلَ مِنَ السَّمَاءِ مَاءً فَأَخْرَجْنَا بِهِ أَزْوَاجًا مِنْ نَبَاتٍ شَتَّىٰ53

‘যিজনে তোমালোকৰ বাবে পৃথিৱীখনক শয্যাৰূপে পাৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ কৰি দিছে, আৰু তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে’। ফলত তাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰো।
20:54জুজ 16 · পৃ. 315

كُلُوا وَارْعَوْا أَنْعَامَكُمْ ۗ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِأُولِي النُّهَىٰ54

তোমালোকে খোৱা আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰকো চৰোৱা; নিশ্চয় ইয়াত বিবেকসম্পন্ন ব্যক্তিসকলৰ বাবে নিদৰ্শন আছে।
20:55জুজ 16 · পৃ. 315

۞ مِنْهَا خَلَقْنَاكُمْ وَفِيهَا نُعِيدُكُمْ وَمِنْهَا نُخْرِجُكُمْ تَارَةً أُخْرَىٰ55

আমি তোমাক মাটিৰ পৰাই সৃষ্টি কৰিছো, তালৈকেই তোমালোকক উভতাই দিম আৰু তাৰ পৰাই তোমালোকক পুনৰ উলিয়াই আনিম।
20:56জুজ 16 · পৃ. 315

وَلَقَدْ أَرَيْنَاهُ آيَاتِنَا كُلَّهَا فَكَذَّبَ وَأَبَىٰ56

আৰু অৱশ্যে আমি তাক আমাৰ প্ৰত্যেক নিদৰ্শন দেখুৱাইছিলো; কিন্তু সি মিছা আৰোপ কৰিছে আৰু অমান্য কৰিছে।
20:57জুজ 16 · পৃ. 315

قَالَ أَجِئْتَنَا لِتُخْرِجَنَا مِنْ أَرْضِنَا بِسِحْرِكَ يَا مُوسَىٰ57

সি ক’লে, ‘হে মুছা! তুমি তোমাৰ যাদুৰ দ্বাৰা আমাক আমাৰ দেশৰ পৰা বহিষ্কাৰ কৰিবলৈ আহিছা নেকি’?
20:58জুজ 16 · পৃ. 315

فَلَنَأْتِيَنَّكَ بِسِحْرٍ مِثْلِهِ فَاجْعَلْ بَيْنَنَا وَبَيْنَكَ مَوْعِدًا لَا نُخْلِفُهُ نَحْنُ وَلَا أَنْتَ مَكَانًا سُوًى58

‘তেনেহ’লে অৱশ্যে আমিও তোমাৰ ওচৰত অনুৰূপ যাদু উপস্থিত কৰিম, সেয়ে এটা মধ্যৱৰ্তী স্থানত আমাৰ আৰু তোমাৰ মাজত এটা সময় নিৰ্ধাৰণ কৰা, সেইটো আমিও লঙ্ঘন নকৰিম আৰু তুমিও লঙ্ঘন নকৰিবা’।
20:59জুজ 16 · পৃ. 315

قَالَ مَوْعِدُكُمْ يَوْمُ الزِّينَةِ وَأَنْ يُحْشَرَ النَّاسُ ضُحًى59

মুছাই ক’লে, ‘উৎসৱৰ দিনটোৱে তোমালোকৰ বাবে নিৰ্ধাৰিত সময় আৰু যাতে পূৰ্বাহ্নতেই জনগণক সমবেত কৰা হয়’।
20:60জুজ 16 · পৃ. 315

فَتَوَلَّىٰ فِرْعَوْنُ فَجَمَعَ كَيْدَهُ ثُمَّ أَتَىٰ60

লগে লগে ফিৰআউনে প্ৰস্থান কৰি তাৰ যাৱতীয় কৌশল একত্ৰিত কৰিলে, তাৰ পিছত সি আহিল।
20:61জুজ 16 · পৃ. 315

قَالَ لَهُمْ مُوسَىٰ وَيْلَكُمْ لَا تَفْتَرُوا عَلَى اللَّهِ كَذِبًا فَيُسْحِتَكُمْ بِعَذَابٍ ۖ وَقَدْ خَابَ مَنِ افْتَرَىٰ61

মুছাই সিহঁতক ক’লে, ‘দূৰ্ভোগ তোমালোকৰ! তোমালোকে আল্লাহৰ ওপৰত মিছা আৰোপ নকৰিবা। অন্যথা তেওঁ তোমালোকক শাস্তিৰ দ্বাৰা সমূলি ধ্বংস কৰিব, আৰু যিয়ে মিছা উদ্ভাৱন কৰিছে সিয়েই ব্যৰ্থ হৈছে’।
20:62জুজ 16 · পৃ. 315

فَتَنَازَعُوا أَمْرَهُمْ بَيْنَهُمْ وَأَسَرُّوا النَّجْوَىٰ62

তেতিয়া সিহঁতে নিজৰ মাজতে সিহঁতৰ কৰ্ম সম্পৰ্কে বাক-বিতণ্ডা কৰিলে আৰু সিহঁতে গোপনে পৰামৰ্শ কৰিলে।
20:63জুজ 16 · পৃ. 315

قَالُوا إِنْ هَٰذَانِ لَسَاحِرَانِ يُرِيدَانِ أَنْ يُخْرِجَاكُمْ مِنْ أَرْضِكُمْ بِسِحْرِهِمَا وَيَذْهَبَا بِطَرِيقَتِكُمُ الْمُثْلَىٰ63

সিহঁতে ক’লে, ‘এই দুজন অৱশ্যে যাদুকৰ, সিহঁতে সিহঁতৰ যাদুৰ দ্বাৰা তোমালোকক তোমালোকৰ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে আৰু তোমালোকৰ উৎকৃষ্ট জীৱন পদ্ধতি ধ্বংস কৰিব বিচাৰে।
20:64জুজ 16 · পৃ. 315

فَأَجْمِعُوا كَيْدَكُمْ ثُمَّ ائْتُوا صَفًّا ۚ وَقَدْ أَفْلَحَ الْيَوْمَ مَنِ اسْتَعْلَىٰ64

‘এতেকে তোমালোকে তোমালোকৰ কৌশল (যাদুক্ৰিয়া) গোটাই লোৱা, তাৰ পিছত শাৰীবদ্ধ হৈ উপস্থিত হোৱা; আৰু আজি যিয়ে জয় লাভ কৰিব সিয়ে সফল হ’ব’।
20:65জুজ 16 · পৃ. 316

قَالُوا يَا مُوسَىٰ إِمَّا أَنْ تُلْقِيَ وَإِمَّا أَنْ نَكُونَ أَوَّلَ مَنْ أَلْقَىٰ65

সিহঁতে ক’লে, ‘হে মুছা! হয় তুমি আগতে নিক্ষেপ কৰা নহলে আমিয়ে প্ৰথম নিক্ষেপকাৰী হম’।
20:66জুজ 16 · পৃ. 316

قَالَ بَلْ أَلْقُوا ۖ فَإِذَا حِبَالُهُمْ وَعِصِيُّهُمْ يُخَيَّلُ إِلَيْهِ مِنْ سِحْرِهِمْ أَنَّهَا تَسْعَىٰ66

মুছাই ক’লে, ‘বৰং তোমালোকেই (আগতে) নিক্ষেপ কৰা’। ফলত (সিহঁতে নিক্ষেপ কৰাৰ) লগে লগে সিহঁতৰ যাদুৰ প্ৰভাৱত মুছাৰ এনে লাগিল যেনিবা সিহঁতৰ জৰীবোৰ আৰু লাঠিসমূহ কেৰমেৰ কৰি আছে।
20:67জুজ 16 · পৃ. 316

فَأَوْجَسَ فِي نَفْسِهِ خِيفَةً مُوسَىٰ67

তেতিয়া মুছাই তেওঁৰ অন্তৰত অলপ ভীতি অনুভৱ কৰিলে।
20:68জুজ 16 · পৃ. 316

قُلْنَا لَا تَخَفْ إِنَّكَ أَنْتَ الْأَعْلَىٰ68

আমি ক’লো, ‘তুমি ভয় নকৰিবা, নিশ্চয় তুমিয়েই জয় লাভ কৰিবা।
20:69জুজ 16 · পৃ. 316

وَأَلْقِ مَا فِي يَمِينِكَ تَلْقَفْ مَا صَنَعُوا ۖ إِنَّمَا صَنَعُوا كَيْدُ سَاحِرٍ ۖ وَلَا يُفْلِحُ السَّاحِرُ حَيْثُ أَتَىٰ69

‘আৰু তোমাৰ সোঁ হাতত যি আছে সেয়া নিক্ষেপ কৰা, এইটোৱে সিহঁতে যি কৰিছে সেয়া খাই পেলাব। সিহঁতে যি কৰিছে সেয়া কেৱল যাদুকৰৰ কৌশল; আৰু যাদুকৰ য’তে নাহক কিয়, কেতিয়াও সফল নহ’ব’।
20:70জুজ 16 · পৃ. 316

فَأُلْقِيَ السَّحَرَةُ سُجَّدًا قَالُوا آمَنَّا بِرَبِّ هَارُونَ وَمُوسَىٰ70

ফলত যাদুকৰসকলে ছাজদাৱনত হ’ল, সিহঁতে ক’লে, ‘আমি হাৰূন আৰু মুছাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিলো’।
20:71জুজ 16 · পৃ. 316

قَالَ آمَنْتُمْ لَهُ قَبْلَ أَنْ آذَنَ لَكُمْ ۖ إِنَّهُ لَكَبِيرُكُمُ الَّذِي عَلَّمَكُمُ السِّحْرَ ۖ فَلَأُقَطِّعَنَّ أَيْدِيَكُمْ وَأَرْجُلَكُمْ مِنْ خِلَافٍ وَلَأُصَلِّبَنَّكُمْ فِي جُذُوعِ النَّخْلِ وَلَتَعْلَمُنَّ أَيُّنَا أَشَدُّ عَذَابًا وَأَبْقَىٰ71

ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস স্থাপন কৰিলা! নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান, সিয়েই তোমালোকক যাদু শিকাইছে। সেয়ে অৱশ্যে মই তোমালোকৰ হাত ভৰি বিপৰীত দিশৰ পৰা কাটিম আৰু মই তোমালোকক খেজুৰ গছৰ কাণ্ডত শূলবিদ্ধ কৰিম আৰু তোমালোকে অৱশ্যে জানিব পাৰিবা আমাৰ মাজত কাৰ শাস্তি বেছি কঠোৰ আৰু অধিক স্থায়ী’।
20:72জুজ 16 · পৃ. 316

قَالُوا لَنْ نُؤْثِرَكَ عَلَىٰ مَا جَاءَنَا مِنَ الْبَيِّنَاتِ وَالَّذِي فَطَرَنَا ۖ فَاقْضِ مَا أَنْتَ قَاضٍ ۖ إِنَّمَا تَقْضِي هَٰذِهِ الْحَيَاةَ الدُّنْيَا72

সিহঁতে ক’লে, ‘আমাৰ ওচৰত যিবোৰ স্পষ্ট নিদৰ্শন আহিছে তাৰ ওপৰত আৰু যিজনে আমাক সৃষ্টি কৰিছে তেওঁৰ ওপৰত আমি তোমাক কেতিয়াও প্ৰধান্য নিদিওঁ। সেয়ে তোমাৰ যি সিদ্ধান্ত লব লগা আছে লোৱা। তুমি কেৱল এই পাৰ্থিৱ জীৱনৰ ওপৰতেই কৰ্তৃত্ব কৰিব পাৰা’।
20:73জুজ 16 · পৃ. 316

إِنَّا آمَنَّا بِرَبِّنَا لِيَغْفِرَ لَنَا خَطَايَانَا وَمَا أَكْرَهْتَنَا عَلَيْهِ مِنَ السِّحْرِ ۗ وَاللَّهُ خَيْرٌ وَأَبْقَىٰ73

‘নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছো, যাতে তেওঁ আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিয়ে আৰু তুমি আমাক যি যাদু কৰিবলৈ বাধ্য কৰাইছিলা সেয়া ক্ষমা কৰি দিয়ে, আৰু আল্লাহ শ্ৰেষ্ঠ ও স্থায়ী’।
20:74জুজ 16 · পৃ. 316

إِنَّهُ مَنْ يَأْتِ رَبَّهُ مُجْرِمًا فَإِنَّ لَهُ جَهَنَّمَ لَا يَمُوتُ فِيهَا وَلَا يَحْيَىٰ74

নিশ্চয় যিয়ে তাৰ প্ৰতিপালকৰ ওচৰত অপৰাধী হৈ উপস্থিত হ’ব অৱশ্যে তাৰ বাবে আছে জাহান্নাম, সি তাত মৃত্যুবৰণো নকৰিব আৰু জীয়াই থাকিবও নোৱাৰিব।
20:75জুজ 16 · পৃ. 316

وَمَنْ يَأْتِهِ مُؤْمِنًا قَدْ عَمِلَ الصَّالِحَاتِ فَأُولَٰئِكَ لَهُمُ الدَّرَجَاتُ الْعُلَىٰ75

আৰু যিসকলে তেওঁৰ ওচৰত সৎকৰ্ম কৰি মুমিন অৱস্থাত আহিব, তেওঁলোকৰ বাবেই আছে উচ্চ মৰ্যাদা।
20:76জুজ 16 · পৃ. 316

جَنَّاتُ عَدْنٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا ۚ وَذَٰلِكَ جَزَاءُ مَنْ تَزَكَّىٰ76

স্থায়ী জান্নাত, যাৰ তলত নদী প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ'ব আৰু এইটো তেওঁলোকৰেই পুৰষ্কাৰ যিসকলে পৰিশুদ্ধ হয়।
20:77জুজ 16 · পৃ. 317

وَلَقَدْ أَوْحَيْنَا إِلَىٰ مُوسَىٰ أَنْ أَسْرِ بِعِبَادِي فَاضْرِبْ لَهُمْ طَرِيقًا فِي الْبَحْرِ يَبَسًا لَا تَخَافُ دَرَكًا وَلَا تَخْشَىٰ77

আৰু আমি অৱশ্যে মুছাৰ প্ৰতি অহী কৰিছিলো এই কথা কৈ যে, মোৰ বান্দাসকলক লৈ তুমি ৰাতিৰ ভিতৰতে ওলাই যোৱা, এতেকে তুমি সিহঁতৰ বাবে সাগৰৰ মাজেৰে এটি শুকান পথৰ ব্যৱস্থা কৰা, পিচফালৰ পৰা আহি ধৰাৰ আশংকা নকৰিবা আৰু ভয়ও নকৰিবা।
20:78জুজ 16 · পৃ. 317

فَأَتْبَعَهُمْ فِرْعَوْنُ بِجُنُودِهِ فَغَشِيَهُمْ مِنَ الْيَمِّ مَا غَشِيَهُمْ78

তাৰ পিছত ফিৰআউনে তাৰ সৈন্যবাহিনী লৈ তেওঁলোকৰ পিচ ল’লে, ফলত সাগৰে সিহঁতক সম্পূৰ্ণৰূপে ডুবাই নিলে।
20:79জুজ 16 · পৃ. 317

وَأَضَلَّ فِرْعَوْنُ قَوْمَهُ وَمَا هَدَىٰ79

কাৰণ ফিৰআউনে তাৰ সম্প্ৰদায়ক পথভ্ৰষ্ট কৰিছিল আৰু সৎপথ দেখুৱা নাছিল।
20:80জুজ 16 · পৃ. 317

يَا بَنِي إِسْرَائِيلَ قَدْ أَنْجَيْنَاكُمْ مِنْ عَدُوِّكُمْ وَوَاعَدْنَاكُمْ جَانِبَ الطُّورِ الْأَيْمَنَ وَنَزَّلْنَا عَلَيْكُمُ الْمَنَّ وَالسَّلْوَىٰ80

হে বনী ইছৰাঈল! অৱশ্যে আমি তোমালোকক শত্ৰুৰ পৰা উদ্ধাৰ কৰিছিলো, আৰু আমিয়ে তোমালোকক প্ৰতিশ্ৰুতি দিছিলো তূৰ পৰ্বতৰ সোঁ ফালে, আৰু তোমালোকৰ ওপৰত মান্না আৰু ছালৱা অৱতীৰ্ণ কৰিছিলো,
20:81জুজ 16 · পৃ. 317

كُلُوا مِنْ طَيِّبَاتِ مَا رَزَقْنَاكُمْ وَلَا تَطْغَوْا فِيهِ فَيَحِلَّ عَلَيْكُمْ غَضَبِي ۖ وَمَنْ يَحْلِلْ عَلَيْهِ غَضَبِي فَقَدْ هَوَىٰ81

তোমালোকক আমি যি জীৱিকা দান কৰিছো তাৰ পৰা পৱিত্ৰ বস্তুসমূহ খোৱা আৰু এই বিষয়ে সীমালঙ্ঘন নকৰিবা, অন্যথা তোমালোকৰ ওপৰত মোৰ ক্ৰোধ আপতিত হ’ব; আৰু যাৰ ওপৰত মোৰ ক্ৰোধ আপতিত হয় অৱশ্যে সি ধ্বংস হৈ যায়।
20:82জুজ 16 · পৃ. 317

وَإِنِّي لَغَفَّارٌ لِمَنْ تَابَ وَآمَنَ وَعَمِلَ صَالِحًا ثُمَّ اهْتَدَىٰ82

আৰু নিশ্চয় মই সেই ব্যক্তিৰ প্ৰতি ক্ষমাশীল, যিয়ে তাওবা কৰে, ঈমান পোষণ কৰে, সৎকৰ্ম কৰে আৰু তাৰ পিছত সৎপথত অবিচল থাকে।
20:83জুজ 16 · পৃ. 317

۞ وَمَا أَعْجَلَكَ عَنْ قَوْمِكَ يَا مُوسَىٰ83

হে মুছা! তোমাৰ সম্প্ৰদায়ক পিচফালে এৰি থৈ তোমাক খৰখেদা কৰিবলৈ কিহে বাধ্য কৰালে?
20:84জুজ 16 · পৃ. 317

قَالَ هُمْ أُولَاءِ عَلَىٰ أَثَرِي وَعَجِلْتُ إِلَيْكَ رَبِّ لِتَرْضَىٰ84

মুছাই ক’লে, ‘সিহঁত মোৰ পিছে পিছে আছেই দেখুন, হে মোৰ ৰব! মই তোমাৰ ওচৰত খৰখেদা কৈ আহিছো যাতে তুমি সন্তুষ্ট হোৱা’।
20:85জুজ 16 · পৃ. 317

قَالَ فَإِنَّا قَدْ فَتَنَّا قَوْمَكَ مِنْ بَعْدِكَ وَأَضَلَّهُمُ السَّامِرِيُّ85

তেওঁ ক’লে, ‘তুমি গুচি অহাৰ পিছত আমি তোমাৰ সম্প্ৰদায়ক পৰীক্ষাৰ সন্মুখীন কৰিছো, আৰু ছামেৰীয়ে সিহঁতক পথভ্ৰষ্ট কৰিছে’।
20:86জুজ 16 · পৃ. 317

فَرَجَعَ مُوسَىٰ إِلَىٰ قَوْمِهِ غَضْبَانَ أَسِفًا ۚ قَالَ يَا قَوْمِ أَلَمْ يَعِدْكُمْ رَبُّكُمْ وَعْدًا حَسَنًا ۚ أَفَطَالَ عَلَيْكُمُ الْعَهْدُ أَمْ أَرَدْتُمْ أَنْ يَحِلَّ عَلَيْكُمْ غَضَبٌ مِنْ رَبِّكُمْ فَأَخْلَفْتُمْ مَوْعِدِي86

তাৰ পিছত মুছাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰত ক্ৰুদ্ধ আৰু ক্ষুব্ধ হৈ উভতি আহিল। তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকৰ প্ৰতিপালকে তোমালোকক এটা উত্তম প্ৰতিশ্ৰুতি দিয়া নাছিল নে? তেন্তে তোমালোকৰ ওচৰত প্ৰতিশ্ৰুতিৰ সময় সুদীৰ্ঘ হৈছে নেকি? নে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ক্ৰোধ আপতিত হোৱাটো কামনা কৰা? সেই কাৰণে তোমালোকে মোক দিয়া অঙ্গীকাৰ ভঙ্গ কৰিলানে’?
20:87জুজ 16 · পৃ. 317

قَالُوا مَا أَخْلَفْنَا مَوْعِدَكَ بِمَلْكِنَا وَلَٰكِنَّا حُمِّلْنَا أَوْزَارًا مِنْ زِينَةِ الْقَوْمِ فَقَذَفْنَاهَا فَكَذَٰلِكَ أَلْقَى السَّامِرِيُّ87

সিহঁতে ক’লে, ‘আমি আপোনাক দিয়া অঙ্গীকাৰ নিজে ইচ্ছা কৰি ভঙ্গ কৰা নাই, কিন্তু আমাৰ ওপৰত মানুহৰ অলংকাৰৰ বোজা চপাই দিয়া হৈছিল। সেয়ে আমি সেইবোৰ জুইত নিক্ষেপ কৰিছো, এইদৰে ছামেৰীয়েও (তাত অলপ মাটি) নিক্ষেপ কৰিছিল।
20:88জুজ 16 · পৃ. 318

فَأَخْرَجَ لَهُمْ عِجْلًا جَسَدًا لَهُ خُوَارٌ فَقَالُوا هَٰذَا إِلَٰهُكُمْ وَإِلَٰهُ مُوسَىٰ فَنَسِيَ88

‘তাৰ পিছত সি সিহঁতৰ বাবে এটা দামুৰী সাজিলে, এটা অৱয়ব, যিটো গৰুৰ দৰে হাম্বা হাম্বা কৰিছিল’। তেতিয়া সিহঁতে কৈছিল, ‘এইটোৱে তোমালোকৰ ইলাহ আৰু মুছাৰো ইলাহ, কিন্তু সি (মুছাই) পাহৰি গৈছে’।
20:89জুজ 16 · পৃ. 318

أَفَلَا يَرَوْنَ أَلَّا يَرْجِعُ إِلَيْهِمْ قَوْلًا وَلَا يَمْلِكُ لَهُمْ ضَرًّا وَلَا نَفْعًا89

সিহঁতে দেখা নাইনে, ই যে সিহঁতৰ কোনো প্ৰত্যুত্তৰ দিব নোৱাৰে আৰু সিহঁতৰ কোনো ক্ষতি বা উপকাৰ সাধন কৰাৰো ক্ষমতা নাৰাখে?
20:90জুজ 16 · পৃ. 318

وَلَقَدْ قَالَ لَهُمْ هَارُونُ مِنْ قَبْلُ يَا قَوْمِ إِنَّمَا فُتِنْتُمْ بِهِ ۖ وَإِنَّ رَبَّكُمُ الرَّحْمَٰنُ فَاتَّبِعُونِي وَأَطِيعُوا أَمْرِي90

অৱশ্যে হাৰূনে সিহঁতক আগতেই কৈছিল, ‘হে মোৰ সম্প্ৰদায়! ইয়াৰ দ্বাৰা তোমালোকক কেৱল পৰীক্ষাৰ সন্মুখীন কৰা হৈছে। নিশ্চয় তোমালোকৰ ৰব অতি দয়ালু; সেয়ে তোমালোকে মোৰ অনুসৰণ কৰা আৰু মোৰ আদেশ মানি চলা’।
20:91জুজ 16 · পৃ. 318

قَالُوا لَنْ نَبْرَحَ عَلَيْهِ عَاكِفِينَ حَتَّىٰ يَرْجِعَ إِلَيْنَا مُوسَىٰ91

সিহঁতে কৈছিল, ‘আমাৰ ওচৰত মুছা উভতি নহা লৈকে আমি ইয়াৰ পূজা পাঠৰ পৰা বিৰত নহওঁ’।
20:92জুজ 16 · পৃ. 318

قَالَ يَا هَارُونُ مَا مَنَعَكَ إِذْ رَأَيْتَهُمْ ضَلُّوا92

মুছাই ক’লে, ‘হে হাৰূন! আপুনি যেতিয়া দেখিছিল যে সিহঁত পথভ্ৰষ্ট হৈছে তথাপিও আপোনাক কিহে বিৰত ৰাখিছিল--
20:93জুজ 16 · পৃ. 318

أَلَّا تَتَّبِعَنِ ۖ أَفَعَصَيْتَ أَمْرِي93

‘যে আপুনি মোৰ অনুসৰণ নকৰিলে? তেন্তে আপুনি মোৰ আদেশ অমান্য কৰিলে নেকি’?
20:94জুজ 16 · পৃ. 318

قَالَ يَا ابْنَ أُمَّ لَا تَأْخُذْ بِلِحْيَتِي وَلَا بِرَأْسِي ۖ إِنِّي خَشِيتُ أَنْ تَقُولَ فَرَّقْتَ بَيْنَ بَنِي إِسْرَائِيلَ وَلَمْ تَرْقُبْ قَوْلِي94

হাৰূনে ক’লে, ‘হে মোৰ সহোদৰ! তুমি মোৰ দাড়ি আৰু চুলিত নধৰিবা। নিশ্চয় মই আশংকা কৰিছিলো যে, তুমি কবা, ‘আপুনিয়ে বনী ইছৰাঈলৰ মাজত বিভেদ সৃষ্টি কৰিছে আৰু মোৰ কথাত যত্নবান হোৱা নাই’।
20:95জুজ 16 · পৃ. 318

قَالَ فَمَا خَطْبُكَ يَا سَامِرِيُّ95

মুছাই ক’লে, ‘হে ছামেৰী! তোমাৰ কি অৱস্থা’?
20:96জুজ 16 · পৃ. 318

قَالَ بَصُرْتُ بِمَا لَمْ يَبْصُرُوا بِهِ فَقَبَضْتُ قَبْضَةً مِنْ أَثَرِ الرَّسُولِ فَنَبَذْتُهَا وَكَذَٰلِكَ سَوَّلَتْ لِي نَفْسِي96

সি ক’লে, ‘মই যি দেখিছিলো সিহঁতে সেয়া দেখা নাই, তাৰ পিছত মই সেই দূতৰ পদচিহ্নৰ পৰা এক মুঠি মাটি লৈছিলো, সেইটোৱে মই নিক্ষেপ কৰিছিলো, আৰু মোৰ মনে মোৰ বাবে এইটো কৰিবলৈ শোভনীয় কৰি দিছিল’।
20:97জুজ 16 · পৃ. 318

قَالَ فَاذْهَبْ فَإِنَّ لَكَ فِي الْحَيَاةِ أَنْ تَقُولَ لَا مِسَاسَ ۖ وَإِنَّ لَكَ مَوْعِدًا لَنْ تُخْلَفَهُ ۖ وَانْظُرْ إِلَىٰ إِلَٰهِكَ الَّذِي ظَلْتَ عَلَيْهِ عَاكِفًا ۖ لَنُحَرِّقَنَّهُ ثُمَّ لَنَنْسِفَنَّهُ فِي الْيَمِّ نَسْفًا97

মুছাই ক’লে, ‘যোৱা, তুমি ওৰে জীৱন এইটোৱে কৈ থাকিবা, ‘মই অস্পৃশ্য’, আৰু তোমাৰ বাবে থাকিল এটা নিৰ্দিষ্ট সময়, যিটো কেতিয়াও ব্যতিক্ৰম নহ’ব। লগতে তুমি তোমাৰ সেই ইলাহৰ প্ৰতি লক্ষ্য কৰা যাৰ পূজাত তুমি আসক্ত আছিলা, সেইটোক আমি ভষ্ম কৰিম, তাৰ পিছত সেয়া বিক্ষিপ্ত কৰি সাগৰত ছটিয়াই দিম’।
20:98জুজ 16 · পৃ. 318

إِنَّمَا إِلَٰهُكُمُ اللَّهُ الَّذِي لَا إِلَٰهَ إِلَّا هُوَ ۚ وَسِعَ كُلَّ شَيْءٍ عِلْمًا98

তোমালোকৰ ইলাহ কেৱল একমাত্ৰ আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সকলো বস্তু তেওঁৰ জ্ঞানৰ পৰিধিভুক্ত।
20:99জুজ 16 · পৃ. 319

كَذَٰلِكَ نَقُصُّ عَلَيْكَ مِنْ أَنْبَاءِ مَا قَدْ سَبَقَ ۚ وَقَدْ آتَيْنَاكَ مِنْ لَدُنَّا ذِكْرًا99

পূৰ্বে যি সংঘটিত হৈছে তাৰে কিছু সংবাদ এইদৰে আমি তোমাৰ ওচৰত বৰ্ণনা কৰো, আৰু আমি তোমাক আমাৰ তৰফৰ পৰা দান কৰিছো উপদেশবাণী (কোৰআন)।
20:100জুজ 16 · পৃ. 319

مَنْ أَعْرَضَ عَنْهُ فَإِنَّهُ يَحْمِلُ يَوْمَ الْقِيَامَةِ وِزْرًا100

ইয়াৰ পৰা যিয়ে বিমুখ হ’ব, নিশ্চয় সি কিয়ামতৰ দিনা মহাভাৰ বহন কৰিব।
20:101জুজ 16 · পৃ. 319

خَالِدِينَ فِيهِ ۖ وَسَاءَ لَهُمْ يَوْمَ الْقِيَامَةِ حِمْلًا101

তাত সিহঁত স্থায়ী হ’ব আৰু কিয়ামতৰ দিনা সিহঁতৰ বাবে এই বোজা কিমান যে বেয়া হ’ব!
20:102জুজ 16 · পৃ. 319

يَوْمَ يُنْفَخُ فِي الصُّورِ ۚ وَنَحْشُرُ الْمُجْرِمِينَ يَوْمَئِذٍ زُرْقًا102

যিদিনা শিঙাত ফুঁ দিয়া হ’ব আৰু সেইদিনা আমি অপৰাধীবিলাকক দৃষ্টিহীন অৱস্থাত সমবেত কৰিম।
20:103জুজ 16 · পৃ. 319

يَتَخَافَتُونَ بَيْنَهُمْ إِنْ لَبِثْتُمْ إِلَّا عَشْرًا103

সেইদিনা সিহঁতে পৰস্পৰে ফুচ-ফুচাই ক’ব, ‘তোমালোকে মাত্ৰ দহ দিন অৱস্থান কৰিছিলা’।
20:104জুজ 16 · পৃ. 319

نَحْنُ أَعْلَمُ بِمَا يَقُولُونَ إِذْ يَقُولُ أَمْثَلُهُمْ طَرِيقَةً إِنْ لَبِثْتُمْ إِلَّا يَوْمًا104

আমি ভালদৰেই জানো সিহঁতে কি ক’ব, সিহঁতৰ মাজত যিয়ে অপেক্ষাকৃত উত্তমপথত আছিল (বিবেকবান ব্যক্তি) সি ক’ব, ‘তোমালোকে মাত্ৰ এদিনহে অৱস্থান কৰিছিলা’।
20:105জুজ 16 · পৃ. 319

وَيَسْأَلُونَكَ عَنِ الْجِبَالِ فَقُلْ يَنْسِفُهَا رَبِّي نَسْفًا105

আৰু সিহঁতে তোমাক পৰ্বতসমূহৰ বিষয়ে সোধে। কোৱা, ‘মোৰ প্ৰতিপালকে এইবোৰক সমূলি উৎপাটন কৰি বিক্ষিপ্ত কৰি দিব।
20:106জুজ 16 · পৃ. 319

فَيَذَرُهَا قَاعًا صَفْصَفًا106

‘তাৰ পিছত তেওঁ ইয়াক মসৃণ সমতল পথাৰত পৰিণত কৰিব,
20:107জুজ 16 · পৃ. 319

لَا تَرَىٰ فِيهَا عِوَجًا وَلَا أَمْتًا107

‘য’ত তুমি খলা-বমা দেখা নাপাবা’।
20:108জুজ 16 · পৃ. 319

يَوْمَئِذٍ يَتَّبِعُونَ الدَّاعِيَ لَا عِوَجَ لَهُ ۖ وَخَشَعَتِ الْأَصْوَاتُ لِلرَّحْمَٰنِ فَلَا تَسْمَعُ إِلَّا هَمْسًا108

সেইদিনা সিহঁতে আহ্বানকাৰীৰ অনুসৰণ কৰিব, এই বিষয়ে কোনোৱেই ইফাল-সিফাল কৰিব নোৱাৰিব। ৰহমানৰ সন্মুখত সকলো শব্দ স্তব্ধ হৈ যাব; সেয়ে মৃদু ধ্বনিৰ বাহিৰে তুমি একো শুনা নাপাবা।
20:109জুজ 16 · পৃ. 319

يَوْمَئِذٍ لَا تَنْفَعُ الشَّفَاعَةُ إِلَّا مَنْ أَذِنَ لَهُ الرَّحْمَٰنُ وَرَضِيَ لَهُ قَوْلًا109

ৰহমানে যাক অনুমতি দিব আৰু যাৰ কথাত তেওঁ সন্তুষ্ট হ’ব, তাৰ বাহিৰে আন কাৰো ছুপাৰিছ সেইদিনা কোনো কামত নাহিব।
20:110জুজ 16 · পৃ. 319

يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَلَا يُحِيطُونَ بِهِ عِلْمًا110

সিহঁতৰ সন্মুখত আৰু পিচফালে যি আছে, সেয়া তেওঁ অৱগত, কিন্তু সিহঁতে জ্ঞানৰ দ্বাৰা তেওঁক বেষ্টন কৰিব নোৱাৰে।
20:111জুজ 16 · পৃ. 319

۞ وَعَنَتِ الْوُجُوهُ لِلْحَيِّ الْقَيُّومِ ۖ وَقَدْ خَابَ مَنْ حَمَلَ ظُلْمًا111

আৰু চিৰঞ্জীৱ, চিৰপ্ৰতিষ্ঠিত-সৰ্বসত্তাৰ ধাৰকৰ ওচৰত সকলোৱে নিম্নমুখী হ’ব আৰু অৱশ্যে সি ব্যৰ্থ হ’ব, যিয়ে যুলুম বহন কৰিব।
20:112জুজ 16 · পৃ. 319

وَمَنْ يَعْمَلْ مِنَ الصَّالِحَاتِ وَهُوَ مُؤْمِنٌ فَلَا يَخَافُ ظُلْمًا وَلَا هَضْمًا112

আৰু যিয়ে মুমিন হৈ সৎকৰ্ম কৰিব, তাৰ বাবে অবিচাৰৰ আৰু কোনো ক্ষতিৰ আশংকা নাই।
20:113জুজ 16 · পৃ. 319

وَكَذَٰلِكَ أَنْزَلْنَاهُ قُرْآنًا عَرَبِيًّا وَصَرَّفْنَا فِيهِ مِنَ الْوَعِيدِ لَعَلَّهُمْ يَتَّقُونَ أَوْ يُحْدِثُ لَهُمْ ذِكْرًا113

আৰু এইদৰেই আমি আৰবী ভাষাত কোৰআন অৱতীৰ্ণ কৰিছো আৰু তাত বিশদভাৱে সতৰ্কবাণী বিবৃত কৰিছো, যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰে অথবা এইটোৱে সিহঁতৰ মাজত স্মৰণিকাৰ উৎপত্তি কৰে।

فَتَعَالَى اللَّهُ الْمَلِكُ الْحَقُّ ۗ وَلَا تَعْجَلْ بِالْقُرْآنِ مِنْ قَبْلِ أَنْ يُقْضَىٰ إِلَيْكَ وَحْيُهُ ۖ وَقُلْ رَبِّ زِدْنِي عِلْمًا114

এতেকে প্ৰকৃত মালিক কেৱল আল্লাহ, অতি মহান, সৰ্বোচ্চ সত্তা। তোমাৰ প্ৰতি আল্লাহৰ অহী সম্পূৰ্ণ হোৱাৰ আগতেই তুমি কোৰআন পাঠ কৰিবলৈ খৰখেদা নকৰিবা আৰু কোৱা, ‘হে মোৰ ৰব! মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া’।
20:115জুজ 16 · পৃ. 320

وَلَقَدْ عَهِدْنَا إِلَىٰ آدَمَ مِنْ قَبْلُ فَنَسِيَ وَلَمْ نَجِدْ لَهُ عَزْمًا115

আৰু অৱশ্যে ইয়াৰ পূৰ্বে আমি আদমৰ প্ৰতি নিৰ্দেশ দান কৰিছিলো, কিন্তু তেওঁ পাহৰি গৈছিল, আৰু আমি তেওঁৰ সংকল্পত দৃঢ়তা পোৱা নাছিলো।
20:116জুজ 16 · পৃ. 320

وَإِذْ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ أَبَىٰ116

আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক ক’লো, ‘তোমালোকে আদমৰ প্ৰতি ছাজদাহ কৰা, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিলে; সি অমান্য কৰিলে।
20:117জুজ 16 · পৃ. 320

فَقُلْنَا يَا آدَمُ إِنَّ هَٰذَا عَدُوٌّ لَكَ وَلِزَوْجِكَ فَلَا يُخْرِجَنَّكُمَا مِنَ الْجَنَّةِ فَتَشْقَىٰ117

তাৰ পিছত আমি ক’লো, ‘হে আদম! নিশ্চয় ই তোমাৰ আৰু তোমাৰ স্ত্ৰীৰ শত্ৰু, গতিকে সি যাতে কোনোমতেই তোমালোকক জান্নাতৰ পৰা বহিষ্কাৰ কৰাব নোৱাৰে, এনে কৰিলে তোমালোকে বিপদত পৰিবা।
20:118জুজ 16 · পৃ. 320

إِنَّ لَكَ أَلَّا تَجُوعَ فِيهَا وَلَا تَعْرَىٰ118

নিশ্চয় তোমাৰ বাবে জান্নাতত এই ব্যৱস্থা দিয়া হ’ল যে, তুমি ইয়াত ক্ষুধাৰ্তও নহ’বা আৰু বিবস্ত্ৰও নহ’বা।
20:119জুজ 16 · পৃ. 320

وَأَنَّكَ لَا تَظْمَأُ فِيهَا وَلَا تَضْحَىٰ119

‘আৰু নিশ্চয় তুমি তাত তৃষ্ণাতুৰো নহ’বা, ৰ’দতো আক্ৰান্ত নহ’বা’।
20:120জুজ 16 · পৃ. 320

فَوَسْوَسَ إِلَيْهِ الشَّيْطَانُ قَالَ يَا آدَمُ هَلْ أَدُلُّكَ عَلَىٰ شَجَرَةِ الْخُلْدِ وَمُلْكٍ لَا يَبْلَىٰ120

তাৰ পিছত চয়তানে তেওঁক কুমন্ত্ৰণা দিলে; সি ক’লে, ‘হে আদম! মই তোমাক সেইজোপা গছ দেখুৱামনে যিজোপাৰ দ্বাৰা অমৰত্ব আৰু অক্ষয় ৰাজত্ব লাভ কৰা যায়’?
20:121জুজ 16 · পৃ. 320

فَأَكَلَا مِنْهَا فَبَدَتْ لَهُمَا سَوْآتُهُمَا وَطَفِقَا يَخْصِفَانِ عَلَيْهِمَا مِنْ وَرَقِ الْجَنَّةِ ۚ وَعَصَىٰ آدَمُ رَبَّهُ فَغَوَىٰ121

অৱশেষত তেওঁলোক (স্বামী-স্ত্ৰী) উভয়ে সেই গছজোপাৰ পৰা (ফল) খালে; লগে লগে তেওঁলোকৰ লজ্জাস্থান তেওঁলোকৰ ওচৰত প্ৰকাশ হৈ গ’ল, আৰু তেওঁলোকে জান্নাতৰ গছৰ পাতেৰে নিজকে আবৃত কৰিবলৈ ধৰিলে, আৰু আদমে তেওঁৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে, ফলত তেওঁ পথভ্ৰান্ত হৈ গ’ল।
20:122জুজ 16 · পৃ. 320

ثُمَّ اجْتَبَاهُ رَبُّهُ فَتَابَ عَلَيْهِ وَهَدَىٰ122

তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে, ফলত তেওঁৰ তাওবা কবুল কৰিলে আৰু তেওঁক পথনিৰ্দেশ কৰিলে।
20:123জুজ 16 · পৃ. 320

قَالَ اهْبِطَا مِنْهَا جَمِيعًا ۖ بَعْضُكُمْ لِبَعْضٍ عَدُوٌّ ۖ فَإِمَّا يَأْتِيَنَّكُمْ مِنِّي هُدًى فَمَنِ اتَّبَعَ هُدَايَ فَلَا يَضِلُّ وَلَا يَشْقَىٰ123

তেওঁ ক’লে, ‘তোমালোকে উভয়ে একেলগে জান্নাতৰ পৰা নামি যোৱা। তোমালোকে পৰস্পৰে পৰস্পৰৰ শত্ৰু। সেয়ে যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰত সৎপথৰ নিৰ্দেশ আহি পায় যিয়ে মোৰ প্ৰদৰ্শিত সৎপথৰ অনুসৰণ কৰিব সি বিপথগামী নহ’ব আৰু দুৰ্দশাগ্ৰস্তও নহ’ব।
20:124জুজ 16 · পৃ. 320

وَمَنْ أَعْرَضَ عَنْ ذِكْرِي فَإِنَّ لَهُ مَعِيشَةً ضَنْكًا وَنَحْشُرُهُ يَوْمَ الْقِيَامَةِ أَعْمَىٰ124

‘আৰু যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ থাকিব, নিশ্চয় তাৰ জীৱন-যাপন হ'ব সংকুচিত আৰু আমি তাক কিয়ামতৰ দিনা অন্ধ অৱস্থাত উত্থিত কৰিম’।
20:125জুজ 16 · পৃ. 320

قَالَ رَبِّ لِمَ حَشَرْتَنِي أَعْمَىٰ وَقَدْ كُنْتُ بَصِيرًا125

সি ক’ব, ‘হে মোৰ ৰব! কিয় মোক অন্ধ অৱস্থাত উত্থিত কৰিলা? অথচ মই দৃষ্টিশক্তি সম্পন্ন আছিলো’।
20:126জুজ 16 · পৃ. 321

قَالَ كَذَٰلِكَ أَتَتْكَ آيَاتُنَا فَنَسِيتَهَا ۖ وَكَذَٰلِكَ الْيَوْمَ تُنْسَىٰ126

তেওঁ ক’ব, ‘এইদৰেই তোমাৰ ওচৰত আমাৰ নিদৰ্শনাৱলী আহিছিল, কিন্তু তুমি সেয়া এৰি দিছিলা ঠিক সেইদৰে আজি তোমাকো (জাহান্নামত) এৰি দিয়া হ’ব’।
20:127জুজ 16 · পৃ. 321

وَكَذَٰلِكَ نَجْزِي مَنْ أَسْرَفَ وَلَمْ يُؤْمِنْ بِآيَاتِ رَبِّهِ ۚ وَلَعَذَابُ الْآخِرَةِ أَشَدُّ وَأَبْقَىٰ127

আৰু এইদৰেই আমি প্ৰতিফল দিওঁ যিয়ে সীমালঙ্ঘন কৰে আৰু নিজ প্ৰতিপালকৰ নিদৰ্শনাৱলী বিশ্বাস নকৰে। অৱশ্যে আখিৰাতৰ শাস্তি আৰু কঠোৰ লগতে অধিক স্থায়ী।
20:128জুজ 16 · পৃ. 321

أَفَلَمْ يَهْدِ لَهُمْ كَمْ أَهْلَكْنَا قَبْلَهُمْ مِنَ الْقُرُونِ يَمْشُونَ فِي مَسَاكِنِهِمْ ۗ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِأُولِي النُّهَىٰ128

এইটোৱেও সিহঁতক সৎপথ নেদেখুৱালে নে যে, আমি সিহঁতৰ পূৰ্বে বহুতো মানৱগোষ্ঠী ধ্বংস কৰিছো যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে? নিশ্চয় ইয়াত বিবেক সম্পন্ন ব্যক্তিসকলৰ বাবে আছে নিদৰ্শন।
20:129জুজ 16 · পৃ. 321

وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَبِّكَ لَكَانَ لِزَامًا وَأَجَلٌ مُسَمًّى129

যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা পূৰ্ব সিদ্ধান্ত আৰু এটা সময় নিৰ্ধাৰিত নাথাকিলেহেঁতেন, তেন্তে আশু শাস্তি অৱশ্যম্ভাৱী হ’লেহেঁতেন।
20:130জুজ 16 · পৃ. 321

فَاصْبِرْ عَلَىٰ مَا يَقُولُونَ وَسَبِّحْ بِحَمْدِ رَبِّكَ قَبْلَ طُلُوعِ الشَّمْسِ وَقَبْلَ غُرُوبِهَا ۖ وَمِنْ آنَاءِ اللَّيْلِ فَسَبِّحْ وَأَطْرَافَ النَّهَارِ لَعَلَّكَ تَرْضَىٰ130

সেয়ে সিহঁতে যি কয়, সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা লগতে সূৰ্যোদয়ৰ আগত আৰু সূৰ্যাস্তৰৰ আগত তোমাৰ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা আৰু ৰাতিতো তাছবীহ পাঠ কৰা, আৰু দিনৰ প্ৰান্তসমূহতো, যাতে তুমি সন্তুষ্ট হ’ব পাৰা।
20:131জুজ 16 · পৃ. 321

وَلَا تَمُدَّنَّ عَيْنَيْكَ إِلَىٰ مَا مَتَّعْنَا بِهِ أَزْوَاجًا مِنْهُمْ زَهْرَةَ الْحَيَاةِ الدُّنْيَا لِنَفْتِنَهُمْ فِيهِ ۚ وَرِزْقُ رَبِّكَ خَيْرٌ وَأَبْقَىٰ131

আৰু তুমি তোমাৰ দুচকু কেতিয়াও প্ৰসাৰিত নকৰিবা সেইবোৰৰ প্ৰতি, যিবোৰ আমি বিভিন্ন শ্ৰেণীক পাৰ্থিৱ জীৱনৰ সৌন্দৰ্যস্বৰূপ উপভোগৰ উপকৰণ হিচাপে প্ৰদান কৰিছো, সেইবোৰৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰাৰ বাবে। আৰু তোমাৰ প্ৰতিপালকে দিয়া জীৱিকাই সৰ্বোৎকৃষ্ট আৰু অধিক স্থায়ী।
20:132জুজ 16 · পৃ. 321

وَأْمُرْ أَهْلَكَ بِالصَّلَاةِ وَاصْطَبِرْ عَلَيْهَا ۖ لَا نَسْأَلُكَ رِزْقًا ۖ نَحْنُ نَرْزُقُكَ ۗ وَالْعَاقِبَةُ لِلتَّقْوَىٰ132

তুমি তোমাৰ পৰিয়ালবৰ্গক ছালাতৰ আদেশ দিয়া আৰু নিজেও তাৰ ওপৰত অবিচল থাকা; আমি তোমাৰ ওচৰত কোনো জীৱিকা নিবিচাৰো, আমিয়েই তোমাক জীৱিকা দান কৰো; আৰু শুভ পৰিণাম কেৱল তাক্বৱাৰ ভিতৰতেই নিহিত।
20:133জুজ 16 · পৃ. 321

وَقَالُوا لَوْلَا يَأْتِينَا بِآيَةٍ مِنْ رَبِّهِ ۚ أَوَلَمْ تَأْتِهِمْ بَيِّنَةُ مَا فِي الصُّحُفِ الْأُولَىٰ133

আৰু সিহঁতে কয়, ‘সি তাৰ প্ৰতিপালকৰ পৰা আমাৰ ওচৰত কোনো নিদৰ্শন লৈ নাহে কিয়’? সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণ অহা নাইনে যিবোৰ পূৰ্বৰ গ্ৰন্থসমূহত আছে?
20:134জুজ 16 · পৃ. 321

وَلَوْ أَنَّا أَهْلَكْنَاهُمْ بِعَذَابٍ مِنْ قَبْلِهِ لَقَالُوا رَبَّنَا لَوْلَا أَرْسَلْتَ إِلَيْنَا رَسُولًا فَنَتَّبِعَ آيَاتِكَ مِنْ قَبْلِ أَنْ نَذِلَّ وَنَخْزَىٰ134

আৰু যদি আমি সিহঁতক ইয়াৰ পূৰ্বেই শাস্তিৰ দ্বাৰা ধ্বংস কৰিলোহেঁতেন, তেন্তে অৱশ্যে সিহঁতে ক’লেহেঁতেন, ‘হে আমাৰ ৰব! তুমি আমাৰ ওচৰত ৰাছুল নপঠালা কিয়? তেতিয়া আমি লাঞ্ছিত আৰু অপমানিত হোৱাৰ আগতেই তোমাৰ নিদৰ্শনাৱলীৰ অনুসৰণ কৰিলোহেঁতেন’।
20:135জুজ 16 · পৃ. 321

قُلْ كُلٌّ مُتَرَبِّصٌ فَتَرَبَّصُوا ۖ فَسَتَعْلَمُونَ مَنْ أَصْحَابُ الصِّرَاطِ السَّوِيِّ وَمَنِ اهْتَدَىٰ135

কোৱা, ‘প্ৰত্যেকেই প্ৰতীক্ষা কৰি আছে, গতিকে তোমালোকেও প্ৰতীক্ষা কৰা। তাৰ পিছত অচিৰেই তোমালোকে জানিব পাৰিবা সৰল পথত কোন আছে আৰু কোনে সৎপথ অৱলম্বন কৰিছে’।

ছূৰাৰ আৰম্ভণিৰ পৰা চলাওক