ছূৰা 20 · জুজ 16

Ta-Ha · 20:132

وَأْمُرْ أَهْلَكَ بِالصَّلَاةِ وَاصْطَبِرْ عَلَيْهَا ۖ لَا نَسْأَلُكَ رِزْقًا ۖ نَحْنُ نَرْزُقُكَ ۗ وَالْعَاقِبَةُ لِلتَّقْوَىٰ

তুমি তোমাৰ পৰিয়ালবৰ্গক ছালাতৰ আদেশ দিয়া আৰু নিজেও তাৰ ওপৰত অবিচল থাকা; আমি তোমাৰ ওচৰত কোনো জীৱিকা নিবিচাৰো, আমিয়েই তোমাক জীৱিকা দান কৰো; আৰু শুভ পৰিণাম কেৱল তাক্বৱাৰ ভিতৰতেই নিহিত।

তাফছীৰ

হে ৰাছুল! আপুনি আপোনাৰ পৰিয়ালক চালাত আদায় কৰাৰ আদেশ দিয়ক, তথা আপুনি নিজেও ধৈৰ্য্য সহকাৰে আদায় কৰক। আমি আপোনাৰ পৰা আপোনাৰ বাবে নাইবা আনৰ বাবে কোনো ধৰণৰ জীৱিকাৰ আশা কৰা নাই। বৰং আপোনাক জীৱিকা প্ৰদানৰ দায়িত্ব হৈছে আমাৰ হাতত। পৃথিৱী আৰু আখিৰাতত প্ৰশংসনীয় পৰিণাম হৈছে সেই তাক্বৱা অৱলম্বনকাৰী লোকসকলৰ বাবে যিসকলে আল্লাহক ভয় কৰে। এতেকে যিসকলে আল্লাহৰ আদেশ পালন কৰে তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক