ছূৰা 20 · জুজ 16

Ta-Ha · 20:131

وَلَا تَمُدَّنَّ عَيْنَيْكَ إِلَىٰ مَا مَتَّعْنَا بِهِ أَزْوَاجًا مِنْهُمْ زَهْرَةَ الْحَيَاةِ الدُّنْيَا لِنَفْتِنَهُمْ فِيهِ ۚ وَرِزْقُ رَبِّكَ خَيْرٌ وَأَبْقَىٰ

আৰু তুমি তোমাৰ দুচকু কেতিয়াও প্ৰসাৰিত নকৰিবা সেইবোৰৰ প্ৰতি, যিবোৰ আমি বিভিন্ন শ্ৰেণীক পাৰ্থিৱ জীৱনৰ সৌন্দৰ্যস্বৰূপ উপভোগৰ উপকৰণ হিচাপে প্ৰদান কৰিছো, সেইবোৰৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰাৰ বাবে। আৰু তোমাৰ প্ৰতিপালকে দিয়া জীৱিকাই সৰ্বোৎকৃষ্ট আৰু অধিক স্থায়ী।

তাফছীৰ

আপুনি পাৰ্থিৱ জীৱনৰ সেই শোভাৰ প্ৰতি অপেক্ষা কৰি নাথাকিব, যিটো আমি অস্বীকাৰকাৰী সকলক আনন্দৰ উপকৰণ কৰি দিছোঁ, আৰু যিটো সিহঁতে উপভোগ কৰি আছে, যাতে সিহঁতক পৰীক্ষা কৰিব পাৰোঁ। কিয়নো আমি এই ধৰণৰ যিবোৰ বস্তু সিহঁতক প্ৰদান কৰিছোঁ, সেই সকলোবোৰ হৈছে ধ্বংসশীল। আনহাতে আপোনাৰ প্ৰতিপালকৰ চোৱাব হৈছে স্থায়ী তথা নিৰবিচ্ছিন্ন, যিটোকলৈ আপুনি সন্তুষ্ট হ'ব আৰু সেই প্ৰতিফল পাৰ্থিৱ জীৱনৰ এই উপভোগতকৈ অধিক কল্যাণকৰ, কিয়নো পাৰ্থিৱ জীৱনৰ উপভোগ হৈছে ক্ষণস্থায়ী।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক