ছূৰা 20 · জুজ 16

Ta-Ha · 20:130

فَاصْبِرْ عَلَىٰ مَا يَقُولُونَ وَسَبِّحْ بِحَمْدِ رَبِّكَ قَبْلَ طُلُوعِ الشَّمْسِ وَقَبْلَ غُرُوبِهَا ۖ وَمِنْ آنَاءِ اللَّيْلِ فَسَبِّحْ وَأَطْرَافَ النَّهَارِ لَعَلَّكَ تَرْضَىٰ

সেয়ে সিহঁতে যি কয়, সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা লগতে সূৰ্যোদয়ৰ আগত আৰু সূৰ্যাস্তৰৰ আগত তোমাৰ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা আৰু ৰাতিতো তাছবীহ পাঠ কৰা, আৰু দিনৰ প্ৰান্তসমূহতো, যাতে তুমি সন্তুষ্ট হ’ব পাৰা।

তাফছীৰ

হে ৰাছুল! আপোনাক অস্বীকাৰকাৰী লোকসকলে আপোনাৰ বিষয়ে যিবোৰ কটু-মন্তব্য কৰে সেই বিষয়ে আপুনি ধৈৰ্য্য ধাৰণ কৰক, তথা আপোনাৰ প্ৰতিপালকৰ প্ৰশংসা আৰু পৱিত্ৰতা বৰ্ণনা কৰক সূৰ্যোদয়ৰ পূৰ্বে ফজৰৰ নামাজত, সূৰ্যাস্ত যোৱাৰ পূৰ্বে আচৰৰ চালাতত, আৰু ৰাতিৰ ভাগত মাগৰিব আৰু ঈশ্বাৰ চালাতত, আৰু দিনৰ ভাগত সূৰ্য্য ঢাল খোৱাৰ পিচত জুহুৰৰ চালাতত, লগতে সম্পূৰ্ণৰূপে সূৰ্যাস্ত যোৱাৰ পিচত অৰ্থাৎ মাগৰিবৰ চালাতত, যাতে আপুনি আল্লাহৰ ওচৰত এনেকুৱা প্ৰতিফল লাভ কৰে, যিটোকলৈ আপুনি সন্তুষ্ট হ'ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক