ছূৰা 20 · জুজ 16
Ta-Ha · 20:129
وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَبِّكَ لَكَانَ لِزَامًا وَأَجَلٌ مُسَمًّى
যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা পূৰ্ব সিদ্ধান্ত আৰু এটা সময় নিৰ্ধাৰিত নাথাকিলেহেঁতেন, তেন্তে আশু শাস্তি অৱশ্যম্ভাৱী হ’লেহেঁতেন।
তাফছীৰ
হে ৰাছুল! যদি আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা এই বিষয়টো পূৰ্বনিৰ্ধাৰিত নাথাকিলহেঁতেন যে, দোষী সাব্যস্ত হোৱাৰ পূৰ্বে তেওঁ কাকো শাস্তি প্ৰদান নকৰিব তথা আল্লাহৰ ওচৰত যদি কোনো সময় নিৰ্দিষ্ট নাথাকিলহেঁতেন তেন্তে তেওঁ সিহঁতক শীঘ্ৰেই ইয়াতে শাস্তি বিহিলেহেঁতেন। কিয়নো সিহঁত শাস্তিৰ উপযুক্ত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক