ছূৰা 20 · জুজ 16

Ta-Ha · 20:128

أَفَلَمْ يَهْدِ لَهُمْ كَمْ أَهْلَكْنَا قَبْلَهُمْ مِنَ الْقُرُونِ يَمْشُونَ فِي مَسَاكِنِهِمْ ۗ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِأُولِي النُّهَىٰ

এইটোৱেও সিহঁতক সৎপথ নেদেখুৱালে নে যে, আমি সিহঁতৰ পূৰ্বে বহুতো মানৱগোষ্ঠী ধ্বংস কৰিছো যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে? নিশ্চয় ইয়াত বিবেক সম্পন্ন ব্যক্তিসকলৰ বাবে আছে নিদৰ্শন।

তাফছীৰ

মুশ্বৰিকসকলৰ ওচৰত এই বিষয়টো স্পষ্ট হোৱা নাই নেকি যে, আমি সিহঁতৰ পূৰ্বে বহুতো সম্প্ৰদায় ধ্বংস কৰিছোঁ? ইহঁতে দেখোন সেই ধ্বংস হোৱা সম্প্ৰদায়সমূহৰ বসবাস কৰা স্থানৰ মাজেৰেই চলাফুৰা কৰে, তথা সিহঁতৰ ওপৰত অহা শাস্তিৰ প্ৰভাৱবোৰো দেখা পায়!! সেই সম্প্ৰদায়সমূহ যি কাৰণত ধ্বংসপ্ৰাপ্ত তথা বিনষ্ট হৈছিল, তাৰ মাজত আছে বিবেকৱান সকলৰ বাবে বহুতো উপদেশ তথা শিক্ষা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক