ছূৰা 20 · জুজ 16

Ta-Ha · 20:127

وَكَذَٰلِكَ نَجْزِي مَنْ أَسْرَفَ وَلَمْ يُؤْمِنْ بِآيَاتِ رَبِّهِ ۚ وَلَعَذَابُ الْآخِرَةِ أَشَدُّ وَأَبْقَىٰ

আৰু এইদৰেই আমি প্ৰতিফল দিওঁ যিয়ে সীমালঙ্ঘন কৰে আৰু নিজ প্ৰতিপালকৰ নিদৰ্শনাৱলী বিশ্বাস নকৰে। অৱশ্যে আখিৰাতৰ শাস্তি আৰু কঠোৰ লগতে অধিক স্থায়ী।

তাফছীৰ

এনেকুৱা শাস্তি আমি সেই ব্যক্তিকো প্ৰদান কৰিম যিয়ে হাৰাম ইচ্ছাবোৰৰ মাজত নিমজ্জিত থাকে আৰু নিজ প্ৰতিপালকৰ স্পষ্ট প্ৰমাণবোৰৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰা বিমুখ হয়। (জানি থোৱা উচিত) আখিৰাতৰ শাস্তি পৃথিৱী আৰু বৰঝখৰ সংকীৰ্ণ জীৱনতকৈও অধিক কঠিন তথা চিৰস্থায়ী।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক