ছূৰা 20 · জুজ 16

Ta-Ha · 20:126

قَالَ كَذَٰلِكَ أَتَتْكَ آيَاتُنَا فَنَسِيتَهَا ۖ وَكَذَٰلِكَ الْيَوْمَ تُنْسَىٰ

তেওঁ ক’ব, ‘এইদৰেই তোমাৰ ওচৰত আমাৰ নিদৰ্শনাৱলী আহিছিল, কিন্তু তুমি সেয়া এৰি দিছিলা ঠিক সেইদৰে আজি তোমাকো (জাহান্নামত) এৰি দিয়া হ’ব’।

তাফছীৰ

মহান আল্লাহে সেই ব্যক্তিক প্ৰত্যুত্তৰ প্ৰদান কৰি ক'বঃ তুমিও পৃথিৱীত এনেকুৱাই কৰিছিলা। তোমাৰ ওচৰত আমাৰ আয়াতসমূহ আহিছিল, সেইবোৰৰ পৰা তুমি বিমুখ হৈছিলা, আৰু সেইবোৰৰ প্ৰতি কেৰেপ কৰা নাছিলা। ঠিক সেইদৰেই আজি তোমাক শাস্তিত এৰি দিয়া হ'ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক