ছূৰা 20 · জুজ 16
Ta-Ha · 20:72
قَالُوا لَنْ نُؤْثِرَكَ عَلَىٰ مَا جَاءَنَا مِنَ الْبَيِّنَاتِ وَالَّذِي فَطَرَنَا ۖ فَاقْضِ مَا أَنْتَ قَاضٍ ۖ إِنَّمَا تَقْضِي هَٰذِهِ الْحَيَاةَ الدُّنْيَا
সিহঁতে ক’লে, ‘আমাৰ ওচৰত যিবোৰ স্পষ্ট নিদৰ্শন আহিছে তাৰ ওপৰত আৰু যিজনে আমাক সৃষ্টি কৰিছে তেওঁৰ ওপৰত আমি তোমাক কেতিয়াও প্ৰধান্য নিদিওঁ। সেয়ে তোমাৰ যি সিদ্ধান্ত লব লগা আছে লোৱা। তুমি কেৱল এই পাৰ্থিৱ জীৱনৰ ওপৰতেই কৰ্তৃত্ব কৰিব পাৰা’।
তাফছীৰ
যাদুকৰসকলে ফিৰআউনক ক'লেঃ হে ফিৰআউন! আমাৰ ওচৰত যিবোৰ স্পষ্ট নিদৰ্শন আহি পৰিছে, সেইবোৰৰ অনুসৰণৰ ওপৰত আমি কেতিয়াও তোমাৰ অনুসৰণক প্ৰাধান্য দিব নোৱাৰোঁ। তথা যিজন আল্লাহে আমাক সৃষ্টি কৰিছে, তেওঁৰ ওপৰত আমি কেতিয়াও তোমাক অগ্ৰাধিকাৰ নিদিওঁ। এতেকে তুমি আমাৰ সৈতে যি আচৰণ কৰিব বিচৰা কৰা। এই ধ্বংসশীল জীৱনতেই কেৱল তুমি আমাৰ ওপৰত শাসন কৰিব পাৰিবা, আৰু জানি থোৱা! অতিশীঘ্ৰে তোমাৰ এই ৰাজত্ব বিনষ্ট হ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক