ছূৰা 20 · জুজ 16

Ta-Ha · 20:71

قَالَ آمَنْتُمْ لَهُ قَبْلَ أَنْ آذَنَ لَكُمْ ۖ إِنَّهُ لَكَبِيرُكُمُ الَّذِي عَلَّمَكُمُ السِّحْرَ ۖ فَلَأُقَطِّعَنَّ أَيْدِيَكُمْ وَأَرْجُلَكُمْ مِنْ خِلَافٍ وَلَأُصَلِّبَنَّكُمْ فِي جُذُوعِ النَّخْلِ وَلَتَعْلَمُنَّ أَيُّنَا أَشَدُّ عَذَابًا وَأَبْقَىٰ

ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস স্থাপন কৰিলা! নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান, সিয়েই তোমালোকক যাদু শিকাইছে। সেয়ে অৱশ্যে মই তোমালোকৰ হাত ভৰি বিপৰীত দিশৰ পৰা কাটিম আৰু মই তোমালোকক খেজুৰ গছৰ কাণ্ডত শূলবিদ্ধ কৰিম আৰু তোমালোকে অৱশ্যে জানিব পাৰিবা আমাৰ মাজত কাৰ শাস্তি বেছি কঠোৰ আৰু অধিক স্থায়ী’।

তাফছীৰ

ফিৰআউনে যাদুকৰসকলৰ ঈমানক নাকচ কৰি আৰু সিহঁতক ধমক দি ক'লেঃ মই অনুমতি দিয়াৰ আগতেই তোমালোকে মূছাৰ প্ৰতি ঈমান আনিলা? হে যাদুকৰসকল! মোৰ এতিয়া বিশ্বাস হৈছে নিশ্চয় মূছাই হৈছে তোমালোকৰ প্ৰতিনিধি, যিয়ে তোমালোকক যাদু শিকাইছে। মই তোমালোকৰ প্ৰত্যেকৰে হাত আৰু ভৰি বিপৰীত দিশৰ পৰা কাটিম, আৰু তোমালোকৰ শৰীৰক মৃত্যু নোহোৱালৈকে খেজুৰ গছৰ কাণ্ডত ওলোমাই ৰাখিম, আৰু তোমালোকৰ এই শাস্তি যাতে মানুহৰ বাবে শিক্ষামূলক হয়। তেতিয়াহে তোমালোকে গম পাবা, আমাৰ মাজৰ কোনে অধিক কঠোৰ আৰু স্থায়ী শাস্তি প্ৰদান কৰিব পাৰে, মই নে মূছাৰ প্ৰতিপালক?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক