ছূৰা 20 · জুজ 16
Ta-Ha · 20:120
فَوَسْوَسَ إِلَيْهِ الشَّيْطَانُ قَالَ يَا آدَمُ هَلْ أَدُلُّكَ عَلَىٰ شَجَرَةِ الْخُلْدِ وَمُلْكٍ لَا يَبْلَىٰ
তাৰ পিছত চয়তানে তেওঁক কুমন্ত্ৰণা দিলে; সি ক’লে, ‘হে আদম! মই তোমাক সেইজোপা গছ দেখুৱামনে যিজোপাৰ দ্বাৰা অমৰত্ব আৰু অক্ষয় ৰাজত্ব লাভ কৰা যায়’?
তাফছীৰ
ইপিনে চয়তানে আদমক ভ্ৰমিত কৰিবলৈ প্ৰয়াস আৰম্ভ কৰিলে আৰু ক'লেঃ মই তোমালোকক এনেকুৱা এটা গছৰ সন্ধান দিম নেকি, যি গছৰ ফল ভক্ষণ কৰিলে মানুহে অমৰত্ব লাভ কৰে, সি কেতিয়াও মৃত্যুবৰণ নকৰিব, বৰং সি চিৰকাল জীৱিত থাকিব। তথা এনেকুৱা নিৰন্তৰ পৰিচালিত ৰাজ্যৰ মালিক হ'ব, যিটো কেতিয়াও নিঃশেষ নহ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক