ছূৰা 20 · জুজ 16
Ta-Ha · 20:121
فَأَكَلَا مِنْهَا فَبَدَتْ لَهُمَا سَوْآتُهُمَا وَطَفِقَا يَخْصِفَانِ عَلَيْهِمَا مِنْ وَرَقِ الْجَنَّةِ ۚ وَعَصَىٰ آدَمُ رَبَّهُ فَغَوَىٰ
অৱশেষত তেওঁলোক (স্বামী-স্ত্ৰী) উভয়ে সেই গছজোপাৰ পৰা (ফল) খালে; লগে লগে তেওঁলোকৰ লজ্জাস্থান তেওঁলোকৰ ওচৰত প্ৰকাশ হৈ গ’ল, আৰু তেওঁলোকে জান্নাতৰ গছৰ পাতেৰে নিজকে আবৃত কৰিবলৈ ধৰিলে, আৰু আদমে তেওঁৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে, ফলত তেওঁ পথভ্ৰান্ত হৈ গ’ল।
তাফছীৰ
ফলস্বৰূপে আদম আৰু হাৱায় সেই গছৰ ফল ভক্ষণ কৰিলে, যিটো খাবলৈ তেওঁলোকক নিষেধ কৰা হৈছিল। ফলত এই ফল ভক্ষণ কৰাৰ পিচত দুয়োৰে লজ্জাস্থান প্ৰকাশ পালে, ইতিপূৰ্বে তেওঁলোকৰ লজ্জাস্থান আবৃত আছিল। তেতিয়া দুয়ো জান্নাতৰ গছৰ পাত ছিঙি নিজৰ লজ্জাস্থান ঢাকিবলৈ ধৰিলে। আদমে নিষিদ্ধ গছৰ ফল ভক্ষণ কৰি নিজ প্ৰতিপালকৰ আদেশ অমান্য কৰিছিল, এনেকুৱা কাম কৰি বহিছিল যিটো তেওঁৰ বাবে উচিত নাছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক