ছূৰা 20 · জুজ 16
Ta-Ha · 20:10
إِذْ رَأَىٰ نَارًا فَقَالَ لِأَهْلِهِ امْكُثُوا إِنِّي آنَسْتُ نَارًا لَعَلِّي آتِيكُمْ مِنْهَا بِقَبَسٍ أَوْ أَجِدُ عَلَى النَّارِ هُدًى
তেওঁ যেতিয়া জুই দেখা পালে তেতিয়া তেওঁ নিজ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, নিশ্চয় মই জুই দেখা পাইছো। আশা কৰো মই তোমালোকৰ বাবে তাৰ পৰা অলপ জ্বলন্ত এঙাৰ আনিব পাৰিম নাইবা জুইৰ ওচৰত কোনো পথনিৰ্দেশ পাব পাৰো’।
তাফছীৰ
তেওঁ ভ্ৰমণ অৱস্থাত যেতিয়া এটুকুৰা জুই দেখা পাই নিজ পৰিয়ালক উদ্দেশ্যি কৈছিলঃ তোমালোকে এই স্থানতে অৱস্থান কৰা, মই এটুকুৰা জুই দেখা পাইছোঁ। আশা কৰোঁ তাৰ পৰা তোমালোকৰ বাবে এধানি এঙাৰ লৈ আহিম, নাইবা তাতগৈ কোনো পথপ্ৰদৰ্শকৰ সন্ধান পাম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক