ছূৰা 20 · জুজ 16

Ta-Ha · 20:39

أَنِ اقْذِفِيهِ فِي التَّابُوتِ فَاقْذِفِيهِ فِي الْيَمِّ فَلْيُلْقِهِ الْيَمُّ بِالسَّاحِلِ يَأْخُذْهُ عَدُوٌّ لِي وَعَدُوٌّ لَهُ ۚ وَأَلْقَيْتُ عَلَيْكَ مَحَبَّةً مِنِّي وَلِتُصْنَعَ عَلَىٰ عَيْنِي

‘যে, তুমি ইয়াক বাকচৰ ভিতৰত ৰাখি দিয়া, তাৰ পিছত ইয়াক সাগৰত উটুৱাই দিয়া, যাতে সাগৰে ইয়াক পাৰলৈ ঠেলি দিয়ে, ফলত ইয়াক মোৰ শত্ৰুৱে আৰু তাৰ শত্ৰুৱে উঠাই লৈ যাব। মই মোৰ ফালৰ পৰা তোমাৰ প্ৰতি মুহাব্বত ঢালি দিছিলো, আৰু যাতে তুমি মোৰ চকুৰ আগত প্ৰতিপালিত হোৱা’।

তাফছীৰ

এতেকে তেওঁক ইলহামৰ দ্বাৰা আদেশ প্ৰদান কৰিছিলোঁ যে, মূছাক জন্ম দিয়াৰ পিচত বাকচত ভৰাই সাগৰত উটুৱাই দিবা। ইয়াৰ পিচত সাগৰে আমাৰ আদেশত তেওঁক পাৰত নিক্ষেপ কৰিব। তেতিয়া তেওঁক মোৰ আৰু তেওঁৰ শত্ৰুৱে অৰ্থাৎ ফিৰআউনে তুলি লব। তথা মই মোৰ ফালৰ পৰা তোমাৰ ওপৰত মুহাব্বাত ৰাখি দিছোঁ। যাতে মানুহে তোমাক ভালপায়। যাতে মোৰ চকুৰ সন্মুখতে তথা মোৰ সুৰক্ষা বেষ্টনী আৰু চোৱাচিতাৰ জৰিয়তে তোমাৰ লালন-পালন হয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক