ছূৰা 20 · জুজ 16

Ta-Ha · 20:40

إِذْ تَمْشِي أُخْتُكَ فَتَقُولُ هَلْ أَدُلُّكُمْ عَلَىٰ مَنْ يَكْفُلُهُ ۖ فَرَجَعْنَاكَ إِلَىٰ أُمِّكَ كَيْ تَقَرَّ عَيْنُهَا وَلَا تَحْزَنَ ۚ وَقَتَلْتَ نَفْسًا فَنَجَّيْنَاكَ مِنَ الْغَمِّ وَفَتَنَّاكَ فُتُونًا ۚ فَلَبِثْتَ سِنِينَ فِي أَهْلِ مَدْيَنَ ثُمَّ جِئْتَ عَلَىٰ قَدَرٍ يَا مُوسَىٰ

‘যেতিয়া তোমাৰ বায়েৰে খোজ কাঢ়ি গৈ আছিল, তাৰ পিছত (যেতিয়া গৈ পালে) তেওঁ ক’লে, ‘মই তোমালোকক এনে কাৰোবাৰ সন্ধান দিমনে যিয়ে এই শিশুৰ দায়িত্বভাৰ লব পাৰিব’? ফলত আমি তোমাক তোমাৰ মাতৃৰ ওচৰলৈ ঘূৰাই আনিলো, যাতে তেওঁৰ চকু জুৰ পৰে আৰু শোকত ভাঙি নপৰে, আৰু তুমি এজন ব্যক্তিক হত্যা কৰিছিলা; তথাপিও আমি তোমাক মনোকষ্টৰ পৰা মুক্তি দিছিলো আৰু আমি তোমাক বহু পৰীক্ষা কৰিছো। হে মুছা! তাৰ পিছত তুমি কেইবা বছৰো মাদাইনবাসীৰ মাজত অৱস্থান কৰিছিলা, ইয়াৰ পিছত তুমি নিৰ্ধাৰিত সময়ত উপস্থিত হ’লা।

তাফছীৰ

যেতিয়া তোমাৰ ভনী সেই বাকচৰ অনুসৰণ কৰি আছিল, যি পিনে বাকচ গৈছিল সেই পিনেই তেওঁ গতি কৰিছিল। অৱশেষত তেওঁ বাকচ লব ধৰা ব্যক্তিক সম্বোধন কৰি ক'লেঃ মই আপোনাক সেই ব্যক্তিৰ সন্ধান দিমনে যিয়ে ইয়াৰ হিফাজত কৰিব তথা ইয়াক পিয়াহ খোৱাব আৰু লালন-পালন কৰিব? এইদৰে (হে মূছা) আমি তোমাক তোমাৰ মাতৃৰ ওচৰলৈ ওভোতাই দি তোমাৰ প্ৰতি উপকাৰ কৰিছিলোঁ। যাতে তোমাৰ মায়ে তোমাক ওভোতাই পাই আনন্দিত হয় আৰু তোমাক হেৰুৱাৰ বেদনা সহিব নালাগে। তুমি এজন কিবতীক ঘোচা মাৰি হত্যা কৰিছিলা, কিন্তু আমি তোমাক সেই দণ্ডৰ পৰাও ৰক্ষা কৰিছিলোঁ আৰু তোমাক তোমাৰ জীৱনত অহা এটাৰ পিচত এটা পৰীক্ষাৰ পৰা ৰক্ষা কৰিছিলোঁ। ইয়াৰ পিচত তুমি সেই ঠাইৰ পৰা প্ৰস্থান কৰি মাদিয়ানবাসী সকলৰ মাজত কেইবা বছৰ অৱস্থান কৰিছিলা। তাৰ পিচত, হে মূছা! তুমি সেই সময়ত উভতি আহিছা যিটো সময় তোমাৰ সৈতে কথা কোৱাৰ বাবে নিৰ্ধাৰিত আছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক