ছূৰা 20 · জুজ 16

Ta-Ha · 20:64

فَأَجْمِعُوا كَيْدَكُمْ ثُمَّ ائْتُوا صَفًّا ۚ وَقَدْ أَفْلَحَ الْيَوْمَ مَنِ اسْتَعْلَىٰ

‘এতেকে তোমালোকে তোমালোকৰ কৌশল (যাদুক্ৰিয়া) গোটাই লোৱা, তাৰ পিছত শাৰীবদ্ধ হৈ উপস্থিত হোৱা; আৰু আজি যিয়ে জয় লাভ কৰিব সিয়ে সফল হ’ব’।

তাফছীৰ

এতেকে তোমালোকে নিজৰ সিদ্ধান্তত দৃঢ় থাকিবা, এই ক্ষেত্ৰত কোনো মতানৈক্যৰ চিকাৰ নহ'বা, তথা শাৰীবদ্ধভাৱে আগুৱাই যাবা, আৰু তোমালোকৰ হাতত যি যি আছে সেয়া সকলোৱে এবাৰতেই নিক্ষেপ কৰিবা। আজি সেই ব্যক্তিয়ে সফলতা অৰ্জন কৰিব যিয়ে নিজৰ প্ৰতিপক্ষক পৰাস্ত কৰিব পাৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক