ছূৰা 20 · জুজ 16
Ta-Ha · 20:18
قَالَ هِيَ عَصَايَ أَتَوَكَّأُ عَلَيْهَا وَأَهُشُّ بِهَا عَلَىٰ غَنَمِي وَلِيَ فِيهَا مَآرِبُ أُخْرَىٰ
তেওঁ ক’লে, ‘এইডাল মোৰ লাখুটি, ইয়াৰ ওপৰত মই ভৰ দিওঁ, আৰু ইয়াৰ দ্বাৰা মই মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাওঁ লগতে এইডাল মোৰ অন্যান্য কামতো আহে’।
তাফছীৰ
মূছা আলাইহিচ্ছালামে ক'লেঃ এইডাল হৈছে মোৰ লাখুটি। মই ইয়াৰ সহায়ত খোজকাঢ়োঁ, তথা ইয়াৰ জৰিয়তে মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাওঁ, ইয়াৰ বাহিৰেও ইয়াৰ দ্বাৰা আৰু বহুতো কাম কৰোঁ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক