ছূৰা 20 · জুজ 16

Ta-Ha · 20:123

قَالَ اهْبِطَا مِنْهَا جَمِيعًا ۖ بَعْضُكُمْ لِبَعْضٍ عَدُوٌّ ۖ فَإِمَّا يَأْتِيَنَّكُمْ مِنِّي هُدًى فَمَنِ اتَّبَعَ هُدَايَ فَلَا يَضِلُّ وَلَا يَشْقَىٰ

তেওঁ ক’লে, ‘তোমালোকে উভয়ে একেলগে জান্নাতৰ পৰা নামি যোৱা। তোমালোকে পৰস্পৰে পৰস্পৰৰ শত্ৰু। সেয়ে যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰত সৎপথৰ নিৰ্দেশ আহি পায় যিয়ে মোৰ প্ৰদৰ্শিত সৎপথৰ অনুসৰণ কৰিব সি বিপথগামী নহ’ব আৰু দুৰ্দশাগ্ৰস্তও নহ’ব।

তাফছীৰ

আল্লাহে আদম আৰু হাৱাক উদ্দেশ্যি ক'লেঃ তোমালোক দুয়ো আৰু ইবলীছ জান্নাতৰ পৰা নামি যোৱা। ইবলীছ হৈছে তোমালোক দুজনৰ শত্ৰু, আৰু তোমালোক দুজন ইবলীছৰ শত্ৰু। এতেকে মোৰ ফালৰ পৰা যেতিয়া কোনো দিশ নিৰ্দেশনা আহিব, যিয়ে সেই দিশ নিৰ্দেশনাৰ অনুসৰণ কৰিব আৰু সেইমতে আমল কৰিব আৰু ইয়াৰ পৰা আঁতৰি নাযাব, তেওঁ কেতিয়াও সত্যৰ পৰা পথভ্ৰষ্ট নহ'ব আৰু আখিৰাতত শাস্তিৰ সন্মুখীন হোৱাৰ দৰে দুৰ্ভগীয়া নহ'ব। বৰং আল্লাহে তাক জান্নাতত প্ৰৱেশ কৰাব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক