ছূৰা 20 · জুজ 16
Ta-Ha · 20:7
وَإِنْ تَجْهَرْ بِالْقَوْلِ فَإِنَّهُ يَعْلَمُ السِّرَّ وَأَخْفَى
আৰু যদি তুমি উচ্চ কণ্ঠত কথা কোৱা (যদিও ইয়াৰ কোনো প্ৰয়োজন নাই), তেন্তে (জানি থোৱা) তেওঁ গোপন আৰু অতি গোপন সকলো বিষয়ে জানে।
তাফছীৰ
হে ৰাছুল! আপুনি উচ্চস্বৰে কথা কওক অথবা নিম্নস্বৰে, পৱিত্ৰ আল্লাহে সকলো জানে। তেওঁ গোপন বিষয় তথা গোপন বিষয়তকৈও গোপন, যেনে অন্তৰত উৎপন্ন হোৱা ভাৱনা সম্পৰ্কেও অৱগত। তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক