ছূৰা 20 · জুজ 16
Ta-Ha · 20:53
الَّذِي جَعَلَ لَكُمُ الْأَرْضَ مَهْدًا وَسَلَكَ لَكُمْ فِيهَا سُبُلًا وَأَنْزَلَ مِنَ السَّمَاءِ مَاءً فَأَخْرَجْنَا بِهِ أَزْوَاجًا مِنْ نَبَاتٍ شَتَّىٰ
‘যিজনে তোমালোকৰ বাবে পৃথিৱীখনক শয্যাৰূপে পাৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ কৰি দিছে, আৰু তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে’। ফলত তাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰো।
তাফছীৰ
সিহঁতৰ বিষয়ে জ্ঞান মোৰ প্ৰতিপালকৰ ওচৰত আছে, যিয়ে তোমালোকৰ বাবে পৃথিৱীখনক বসবাস উপযোগী বনাইছে, তথা তাত তোমালোকৰ বাবে চলাচল কৰিব পৰা সুগম পথ বনাইছে, আৰু তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে. যাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক