ছূৰা 20 · জুজ 16
Ta-Ha · 20:45
قَالَا رَبَّنَا إِنَّنَا نَخَافُ أَنْ يَفْرُطَ عَلَيْنَا أَوْ أَنْ يَطْغَىٰ
তেওঁলোকে ক’লে, ‘হে আমাৰ ৰব! আমাৰ আশংকা হৈছে সি আমাৰ লগত দুৰ্ব্যৱহাৰ কৰিব নাইবা অন্যায় আচৰণত সীমালঙ্ঘন কৰিব’।
তাফছীৰ
মূছা আৰু হাৰূন আলাইহিমাচ্ছালামে ক'লেঃ আমি আশংকা কৰিছোঁ, আমি তাক নিমন্ত্ৰণ কৰাৰ পূৰ্বেই সি আমাক শাস্তি বিহিব। নাইবা হত্যা তথা অন্য কোনো শাস্তিৰ দ্বাৰা আমাৰ ওপৰত অন্যায়ৰ সীমা অতিক্ৰম কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক