ছূৰা 20 · জুজ 16

Ta-Ha · 20:115

وَلَقَدْ عَهِدْنَا إِلَىٰ آدَمَ مِنْ قَبْلُ فَنَسِيَ وَلَمْ نَجِدْ لَهُ عَزْمًا

আৰু অৱশ্যে ইয়াৰ পূৰ্বে আমি আদমৰ প্ৰতি নিৰ্দেশ দান কৰিছিলো, কিন্তু তেওঁ পাহৰি গৈছিল, আৰু আমি তেওঁৰ সংকল্পত দৃঢ়তা পোৱা নাছিলো।

তাফছীৰ

অৱশ্যে ইয়াৰ পূৰ্বে আমি আদমক (নিৰ্দিষ্ট এটা) গছৰ পৰা ফল ভক্ষণ নকৰিবলৈ উপদেশ দিছিলোঁ, অৰ্থাৎ ফল ভক্ষণ কৰিবলৈ নিষেধ কৰিছিলোঁ। আৰু ইয়াৰ পৰিণাম সম্পৰ্কে অৱগত কৰাইছিলোঁ। কিন্তু তেওঁ আমাৰ আদেশ পাহৰি গৈছিল, আৰু সেই গছৰ ফল ভক্ষণ কৰিছিল, ধৈৰ্য্য ধাৰণ কৰিব পৰা নাছিল। আমি তেওঁৰ মাজত আমাৰ আদেশ পালন কৰাৰ দৃঢ় সংকল্প দেখা পোৱা নাছিলোঁ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক