ছূৰা 20 · জুজ 16

Ta-Ha · 20:116

وَإِذْ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ أَبَىٰ

আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক ক’লো, ‘তোমালোকে আদমৰ প্ৰতি ছাজদাহ কৰা, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিলে; সি অমান্য কৰিলে।

তাফছীৰ

তথা হে ৰাছুল! আপুনি স্মৰণ কৰক, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলোঃ আদমক আদৰণি জনাবলৈ ছাজদাহ কৰা, এতেকে সকলোৱে ছাজদাহ কৰিলে কিন্তু ইবলিছে নকৰিলে (সি দৰাচলতে ফিৰিস্তাসকলৰ লগত আছিল কিন্তু ফিৰিস্তা নাছিল।) সি অহংকাৰ তথা অভিমান দেখুৱাই ছাজদাহ কৰাৰ পৰা বিৰত আছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক