ছূৰা 20 · জুজ 16
Ta-Ha · 20:117
فَقُلْنَا يَا آدَمُ إِنَّ هَٰذَا عَدُوٌّ لَكَ وَلِزَوْجِكَ فَلَا يُخْرِجَنَّكُمَا مِنَ الْجَنَّةِ فَتَشْقَىٰ
তাৰ পিছত আমি ক’লো, ‘হে আদম! নিশ্চয় ই তোমাৰ আৰু তোমাৰ স্ত্ৰীৰ শত্ৰু, গতিকে সি যাতে কোনোমতেই তোমালোকক জান্নাতৰ পৰা বহিষ্কাৰ কৰাব নোৱাৰে, এনে কৰিলে তোমালোকে বিপদত পৰিবা।
তাফছীৰ
ইয়াৰ পিচত আমি ক'লোঃ হে আদম! নিশ্চয় ইবলীছ তোমাৰ আৰু তোমাৰ স্ত্ৰীৰ ঘোৰ শত্ৰু। এতেকে সি যাতে তোমাক আৰু তোমাৰ স্ত্ৰীক প্ৰতাৰণা কৰি জান্নাতৰ পৰা উলিয়াই দিবলৈ সক্ষম নহয়, এনেকুৱা হ'লে তুমি বৰ কষ্ট আৰু কঠিনতাৰ সন্মুখীন হ'বা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক