ছূৰা 20 · জুজ 16
Ta-Ha · 20:77
وَلَقَدْ أَوْحَيْنَا إِلَىٰ مُوسَىٰ أَنْ أَسْرِ بِعِبَادِي فَاضْرِبْ لَهُمْ طَرِيقًا فِي الْبَحْرِ يَبَسًا لَا تَخَافُ دَرَكًا وَلَا تَخْشَىٰ
আৰু আমি অৱশ্যে মুছাৰ প্ৰতি অহী কৰিছিলো এই কথা কৈ যে, মোৰ বান্দাসকলক লৈ তুমি ৰাতিৰ ভিতৰতে ওলাই যোৱা, এতেকে তুমি সিহঁতৰ বাবে সাগৰৰ মাজেৰে এটি শুকান পথৰ ব্যৱস্থা কৰা, পিচফালৰ পৰা আহি ধৰাৰ আশংকা নকৰিবা আৰু ভয়ও নকৰিবা।
তাফছীৰ
নিশ্চয় আমি মূছাৰ প্ৰতি অহী কৰিছিলোঁ যে, তুমি ৰাতিৰ ভিতৰতেই মোৰ বান্দাসকলক লগত লৈ মিচৰৰ পৰা ৰাওনা হোৱা, যাতে কোনেও একো গম নাপায়। আৰু সাগৰত তোমাৰ লাখুটিৰে আঘাত কৰি তেওঁলোকৰ বাবে শুকান ৰাস্তা বনাই লোৱা, তথা সম্পূৰ্ণ নিৰাপত্তাৰ সৈতে আৰু কোনো ভয়-ভীতি নোহোৱাকৈ আগুৱাই যোৱা, এই ভয় কেতিয়াও নকৰিবা যে, ফিৰআউনে তোমালোকক ধৰিব পাৰিব অথবা তোমালোক সাগৰত ডুবি যাবা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক