ছূৰা 20 · জুজ 16

Ta-Ha · 20:135

قُلْ كُلٌّ مُتَرَبِّصٌ فَتَرَبَّصُوا ۖ فَسَتَعْلَمُونَ مَنْ أَصْحَابُ الصِّرَاطِ السَّوِيِّ وَمَنِ اهْتَدَىٰ

কোৱা, ‘প্ৰত্যেকেই প্ৰতীক্ষা কৰি আছে, গতিকে তোমালোকেও প্ৰতীক্ষা কৰা। তাৰ পিছত অচিৰেই তোমালোকে জানিব পাৰিবা সৰল পথত কোন আছে আৰু কোনে সৎপথ অৱলম্বন কৰিছে’।

তাফছীৰ

হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰীসকলক কৈ দিয়কঃ শুনা! আমি সকলোৱেই সেই পৰিণামৰ বাবে অপেক্ষা কৰি আছোঁ, যিটো আল্লাহৰ ফালৰ পৰা জাৰি হ'ব। এতেকে তোমালোকেও অপেক্ষা কৰা। তোমালোকে (নিশ্চিতভাৱে) অতিশীঘ্ৰে জানিব পাৰিবা কোনসকল লোক সঠিক পথত পৰিচালিত তথা হিদায়তপ্ৰাপ্ত। আমি নে তোমালোক?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক