ছূৰা 20 · জুজ 16
Ta-Ha · 20:134
وَلَوْ أَنَّا أَهْلَكْنَاهُمْ بِعَذَابٍ مِنْ قَبْلِهِ لَقَالُوا رَبَّنَا لَوْلَا أَرْسَلْتَ إِلَيْنَا رَسُولًا فَنَتَّبِعَ آيَاتِكَ مِنْ قَبْلِ أَنْ نَذِلَّ وَنَخْزَىٰ
আৰু যদি আমি সিহঁতক ইয়াৰ পূৰ্বেই শাস্তিৰ দ্বাৰা ধ্বংস কৰিলোহেঁতেন, তেন্তে অৱশ্যে সিহঁতে ক’লেহেঁতেন, ‘হে আমাৰ ৰব! তুমি আমাৰ ওচৰত ৰাছুল নপঠালা কিয়? তেতিয়া আমি লাঞ্ছিত আৰু অপমানিত হোৱাৰ আগতেই তোমাৰ নিদৰ্শনাৱলীৰ অনুসৰণ কৰিলোহেঁতেন’।
তাফছীৰ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰা এই কাফিৰসকলক সিহঁতৰ কুফৰী আৰু স্বৈৰাচাৰীতাৰ কাৰণে ৰাছুল প্ৰেৰণ কৰাৰ পূৰ্বেই যদি আমি সিহঁতৰ প্ৰতি আজাব অৱতীৰ্ণ কৰি শাস্তি বিহিলোহেঁতেন তেন্তে সিহঁতে কিয়ামতৰ দিনা নিজৰ কুফুৰীৰ বাবে অজুহাত দেখুৱাই ক'লেহেঁতেনঃ হে আমাৰ প্ৰতিপালক! তুমি পৃথিৱীত আমাৰ ওচৰলৈ কিয় ৰাছুল প্ৰেৰণ নকৰিলা, তেন্তে আমি অপমানিত তথা তোমাৰ শাস্তিৰ সন্মুখীন হোৱাৰ পূৰ্বেই তেওঁৰ প্ৰতি ঈমান আনিলোহেঁতেন আৰু তেওঁ লৈ অহা আয়াতসমূহৰ অনুসৰণ কৰিলোহেঁতেন?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক