ছূৰা 20 · জুজ 16
Ta-Ha · 20:86
فَرَجَعَ مُوسَىٰ إِلَىٰ قَوْمِهِ غَضْبَانَ أَسِفًا ۚ قَالَ يَا قَوْمِ أَلَمْ يَعِدْكُمْ رَبُّكُمْ وَعْدًا حَسَنًا ۚ أَفَطَالَ عَلَيْكُمُ الْعَهْدُ أَمْ أَرَدْتُمْ أَنْ يَحِلَّ عَلَيْكُمْ غَضَبٌ مِنْ رَبِّكُمْ فَأَخْلَفْتُمْ مَوْعِدِي
তাৰ পিছত মুছাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰত ক্ৰুদ্ধ আৰু ক্ষুব্ধ হৈ উভতি আহিল। তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকৰ প্ৰতিপালকে তোমালোকক এটা উত্তম প্ৰতিশ্ৰুতি দিয়া নাছিল নে? তেন্তে তোমালোকৰ ওচৰত প্ৰতিশ্ৰুতিৰ সময় সুদীৰ্ঘ হৈছে নেকি? নে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ক্ৰোধ আপতিত হোৱাটো কামনা কৰা? সেই কাৰণে তোমালোকে মোক দিয়া অঙ্গীকাৰ ভঙ্গ কৰিলানে’?
তাফছীৰ
এতেকে মূছা আলাইহিচ্ছালামে দুখ মনেৰে আৰু ক্ৰোধান্বিত হৈ নিজৰ সম্প্ৰদায়ৰ অভিমূখে ৰাওনা হ'ল। মূছা আলাইহিচ্ছাম আহি ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! আল্লাহে তোমালোকক ভাল প্ৰতিশ্ৰুতি দিয়া নাছিলনে যে, তেওঁ তোমালোকৰ ওপৰত তাওৰাত অৱতীৰ্ণ কৰিব আৰু তোমালোকক জান্নাতত প্ৰৱেশ কৰাব? দীৰ্ঘ সময় অতিবাহিত হোৱাৰ কাৰণে পাহৰি গৈছা নেকি? অথবা তোমালোকে এই কৰ্মৰ দ্বাৰা তোমালোকৰ প্ৰতিপালকৰ গজব অৱতীৰ্ণ হোৱাটো কামনা কৰা নেকি, যাতে তোমালোকে শাস্তিত পতিত হোৱা, সেইকাৰণেই তোমালোকে আনুগত্যৰ ওপৰত অবিচল থকাৰ যি প্ৰতিশ্ৰুতি মই দিছিলোঁ সেইটো ভঙ্গ কৰিছা?!
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক