ছূৰা 20 · জুজ 16
Ta-Ha · 20:58
فَلَنَأْتِيَنَّكَ بِسِحْرٍ مِثْلِهِ فَاجْعَلْ بَيْنَنَا وَبَيْنَكَ مَوْعِدًا لَا نُخْلِفُهُ نَحْنُ وَلَا أَنْتَ مَكَانًا سُوًى
‘তেনেহ’লে অৱশ্যে আমিও তোমাৰ ওচৰত অনুৰূপ যাদু উপস্থিত কৰিম, সেয়ে এটা মধ্যৱৰ্তী স্থানত আমাৰ আৰু তোমাৰ মাজত এটা সময় নিৰ্ধাৰণ কৰা, সেইটো আমিও লঙ্ঘন নকৰিম আৰু তুমিও লঙ্ঘন নকৰিবা’।
তাফছীৰ
এতেকে হে মূছা! নিশ্চয় আমিও তোমাৰ যাদুৰ দৰে যাদু লৈ আহিম। গতিকে আমাৰ আৰু তোমাৰ বাবে স্থান আৰু নিৰ্দিষ্ট সময় এটা নিৰ্ধাৰণ কৰা একত্ৰিত হ'বলৈ। যিটো প্ৰতিশ্ৰুতিৰ পৰা আমিও পিছুৱাই নাযাওঁ আৰু তুমিও পিছুৱাই নাযাবা। তথা সেই স্থান যাতে হয় উপযুক্ত আৰু দুয়ো দলৰ বাবে মধ্যৱৰ্তী ঠাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক