ছূৰা 20 · জুজ 16

Ta-Ha · 20:61

قَالَ لَهُمْ مُوسَىٰ وَيْلَكُمْ لَا تَفْتَرُوا عَلَى اللَّهِ كَذِبًا فَيُسْحِتَكُمْ بِعَذَابٍ ۖ وَقَدْ خَابَ مَنِ افْتَرَىٰ

মুছাই সিহঁতক ক’লে, ‘দূৰ্ভোগ তোমালোকৰ! তোমালোকে আল্লাহৰ ওপৰত মিছা আৰোপ নকৰিবা। অন্যথা তেওঁ তোমালোকক শাস্তিৰ দ্বাৰা সমূলি ধ্বংস কৰিব, আৰু যিয়ে মিছা উদ্ভাৱন কৰিছে সিয়েই ব্যৰ্থ হৈছে’।

তাফছীৰ

মূছা আলাইহিচ্ছালামে ফিৰআউনৰ যাদুকৰসকলক উপদেশ দি ক'লেঃ এতিয়াও সময় আছে সাৱধান হোৱা, তোমালোকে যাদুৰ জৰিয়তে মানুহক প্ৰতাৰণা কৰি আল্লাহৰ প্ৰতি মিছা আৰোপ নকৰিবা, অন্যথা আল্লাহে তোমালোকক কোনো শাস্তিৰ জৰিয়তে নিৰ্মূল কৰি পেলাব। কিয়নো যিয়ে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰিব সি নিশ্চিতভাৱে ক্ষতিগ্ৰস্ত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক