ছূৰা 20 · জুজ 16
Ta-Ha · 20:90
وَلَقَدْ قَالَ لَهُمْ هَارُونُ مِنْ قَبْلُ يَا قَوْمِ إِنَّمَا فُتِنْتُمْ بِهِ ۖ وَإِنَّ رَبَّكُمُ الرَّحْمَٰنُ فَاتَّبِعُونِي وَأَطِيعُوا أَمْرِي
অৱশ্যে হাৰূনে সিহঁতক আগতেই কৈছিল, ‘হে মোৰ সম্প্ৰদায়! ইয়াৰ দ্বাৰা তোমালোকক কেৱল পৰীক্ষাৰ সন্মুখীন কৰা হৈছে। নিশ্চয় তোমালোকৰ ৰব অতি দয়ালু; সেয়ে তোমালোকে মোৰ অনুসৰণ কৰা আৰু মোৰ আদেশ মানি চলা’।
তাফছীৰ
আনহাতে হাৰূন আলাইহিচ্ছালামেও মূছা আলাইহিচ্ছালাম উভতি অহাৰ পূৰ্বে সিহঁতক উদ্দেশ্যি কৈছিলঃ আ-অলংকাৰেৰে নিৰ্মিত এই দামুৰি আৰু ইয়াৰ মাতটো তোমালোকৰ বাবে এটা পৰীক্ষাহে, যাতে মুমিন আৰু কাফিৰৰ মাজত পাৰ্থক্য হয়। তথা হে মোৰ জাতিৰ লোকসকল! নিশ্চয় তোমালোকৰ প্ৰতিপালক সেইজন, যিজন অত্যন্ত দয়াৰ অধিকাৰী, সেইজন কেতিয়াও নহয় যিজন দয়াতো দূৰৰ কথা ক্ষয়-ক্ষতি তথা উপকাৰৰো মালিক নহয়। এতেকে সেই একক আল্লাহৰ ইবাদত কৰাৰ স্বাৰ্থত তোমালোকে মোৰ অনুসৰণ কৰা, তথা তেওঁৰ বাহিৰে আনৰ ইবাদত ত্যাগ কৰাৰ ক্ষেত্ৰত মোৰ আদেশ পালন কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক