Al-Hajj

سورة الحج

ছূৰা 22 · মাদানী · 78 আয়াত

22:1জুজ 17 · পৃ. 332

يَا أَيُّهَا النَّاسُ اتَّقُوا رَبَّكُمْ ۚ إِنَّ زَلْزَلَةَ السَّاعَةِ شَيْءٌ عَظِيمٌ1

হে মানৱ! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় কিয়ামতৰ প্ৰকম্পন এটা বৰ ভয়ংকৰ বিষয়!
22:2জুজ 17 · পৃ. 332

يَوْمَ تَرَوْنَهَا تَذْهَلُ كُلُّ مُرْضِعَةٍ عَمَّا أَرْضَعَتْ وَتَضَعُ كُلُّ ذَاتِ حَمْلٍ حَمْلَهَا وَتَرَى النَّاسَ سُكَارَىٰ وَمَا هُمْ بِسُكَارَىٰ وَلَٰكِنَّ عَذَابَ اللَّهِ شَدِيدٌ2

যিদিনা তোমালোকে সেয়া দেখিবলৈ পাবা সেইদিনা প্ৰত্যেক পিয়াহ খুউৱা তিৰোতাই নিজৰ কেঁচুৱাক পাহৰি যাব আৰু প্ৰত্যেক গৰ্ভৱতী নাৰীয়ে গৰ্ভপাত কৰিব; আৰু তুমি মানুহক নিচাগ্ৰস্ত সদৃশ দেখিবা, অথচ সিহঁত নিচাগ্ৰস্ত নহয়। বৰং আল্লাহৰ শাস্তি অতি কঠিন।
22:3জুজ 17 · পৃ. 332

وَمِنَ النَّاسِ مَنْ يُجَادِلُ فِي اللَّهِ بِغَيْرِ عِلْمٍ وَيَتَّبِعُ كُلَّ شَيْطَانٍ مَرِيدٍ3

মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিবিলাকে নাজানি আল্লাহ সম্পৰ্কে বিতণ্ডা কৰে আৰু সি প্ৰত্যেক বিদ্ৰোহী চয়তানৰ অনুসৰণ কৰে,
22:4জুজ 17 · পৃ. 332

كُتِبَ عَلَيْهِ أَنَّهُ مَنْ تَوَلَّاهُ فَأَنَّهُ يُضِلُّهُ وَيَهْدِيهِ إِلَىٰ عَذَابِ السَّعِيرِ4

তাৰ বিষয়ে লিখি দিয়া হৈছে যে, যিয়ে তাৰ লগত বন্ধুত্ব কৰিব সি অৱশ্যে তাক পথভ্ৰষ্ট কৰিব আৰু তাক প্ৰজ্জ্বলিত অগ্নিৰ শাস্তিৰ পিনে পৰিচালিত কৰিব।
22:5জুজ 17 · পৃ. 332

يَا أَيُّهَا النَّاسُ إِنْ كُنْتُمْ فِي رَيْبٍ مِنَ الْبَعْثِ فَإِنَّا خَلَقْنَاكُمْ مِنْ تُرَابٍ ثُمَّ مِنْ نُطْفَةٍ ثُمَّ مِنْ عَلَقَةٍ ثُمَّ مِنْ مُضْغَةٍ مُخَلَّقَةٍ وَغَيْرِ مُخَلَّقَةٍ لِنُبَيِّنَ لَكُمْ ۚ وَنُقِرُّ فِي الْأَرْحَامِ مَا نَشَاءُ إِلَىٰ أَجَلٍ مُسَمًّى ثُمَّ نُخْرِجُكُمْ طِفْلًا ثُمَّ لِتَبْلُغُوا أَشُدَّكُمْ ۖ وَمِنْكُمْ مَنْ يُتَوَفَّىٰ وَمِنْكُمْ مَنْ يُرَدُّ إِلَىٰ أَرْذَلِ الْعُمُرِ لِكَيْلَا يَعْلَمَ مِنْ بَعْدِ عِلْمٍ شَيْئًا ۚ وَتَرَى الْأَرْضَ هَامِدَةً فَإِذَا أَنْزَلْنَا عَلَيْهَا الْمَاءَ اهْتَزَّتْ وَرَبَتْ وَأَنْبَتَتْ مِنْ كُلِّ زَوْجٍ بَهِيجٍ5

হে মানৱ! যদি তোমালোকে পুনৰুত্থান সম্পৰ্কে সন্দেহত আছা তেন্তে জানি থোৱা, আমি তোমালোকক সৃষ্টি কৰিছো মাটিৰ পৰা, তাৰ পিছত শুক্ৰকীটৰ পৰা, তাৰ পিছত আলাক্বাৰ পৰা, তাৰ পিছত পূৰ্ণাকৃতি অথবা অপূৰ্ণাকৃতি মাংসপিণ্ডৰ পৰা—যাতে আমি বিষয়টো তোমালোকৰ ওচৰত সুস্পষ্টৰূপে প্ৰকাশ কৰি দিওঁ। আমাৰ ইচ্ছানুসৰি সেয়া (শুক্ৰকীটক) এটা নিৰ্দিষ্ট সময়ৰ বাবে মাতৃগৰ্ভত স্থিত ৰাখো, তাৰ পিছত আমি তোমালোকক শিশুৰূপে ওলাই আনো। যাতে তোমালোকে প্ৰাপ্তবয়সত উপনীত হোৱা। তোমালোকৰ মাজৰ কিছুমানক (আগতেই) মৃত্যু দিয়া হয় আকৌ আন কিছুমানক বুঢ়া বয়সৰ জৰাজীৰ্ণ অৱস্থালৈ প্ৰত্যাৰ্পণ কৰা হয়, যাৰ ফলত সি জনাৰ পিছতো একো নজনা হৈ পৰে। তুমি দেখা পোৱা যে, ভূমিখন শুকান হৈ পৰি আছে, তাৰ পিছত আমি তাত পানী বৰ্ষণ কৰো ফলত সেয়া সজীৱ হৈ ঠন ধৰি উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন হয়;
22:6জুজ 17 · পৃ. 333

ذَٰلِكَ بِأَنَّ اللَّهَ هُوَ الْحَقُّ وَأَنَّهُ يُحْيِي الْمَوْتَىٰ وَأَنَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ6

এইটো এই বাবে যে, আল্লাহেই সত্য আৰু তেৱেঁই মৃতক জীৱিত কৰে আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান;
22:7জুজ 17 · পৃ. 333

وَأَنَّ السَّاعَةَ آتِيَةٌ لَا رَيْبَ فِيهَا وَأَنَّ اللَّهَ يَبْعَثُ مَنْ فِي الْقُبُورِ7

আৰু এই বাবে যে, নিশ্চয় কিয়ামত আহিব, ইয়াত কোনো সন্দেহ নাই আৰু যিসকল কবৰত আছে নিশ্চয় আল্লাহে তেওঁলোকক পুনৰুত্থিত কৰিব।
22:8জুজ 17 · পৃ. 333

وَمِنَ النَّاسِ مَنْ يُجَادِلُ فِي اللَّهِ بِغَيْرِ عِلْمٍ وَلَا هُدًى وَلَا كِتَابٍ مُنِيرٍ8

আৰু মানুহৰ মাজত এনেকুৱা মানুহো আছে যিসকলৰ কোনো জ্ঞান নাই, পথনিৰ্দেশও নাই আৰু দীপ্তিমান কোনো পুথিও নাই তথাপিও আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে।
22:9জুজ 17 · পৃ. 333

ثَانِيَ عِطْفِهِ لِيُضِلَّ عَنْ سَبِيلِ اللَّهِ ۖ لَهُ فِي الدُّنْيَا خِزْيٌ ۖ وَنُذِيقُهُ يَوْمَ الْقِيَامَةِ عَذَابَ الْحَرِيقِ9

এই স্বভাৱৰ ব্যক্তিয়ে মানুহক আল্লাহৰ পথৰ পৰা পথভ্ৰষ্ট কৰিবলৈ অহংকাৰ কৰি দাং খাই উঠে। তাৰ বাবে পৃথিৱীত আছে লাঞ্ছনা আৰু কিয়ামতৰ দিনা আমি তাক ভোগ কৰাম দহন যন্ত্ৰণা।
22:10জুজ 17 · পৃ. 333

ذَٰلِكَ بِمَا قَدَّمَتْ يَدَاكَ وَأَنَّ اللَّهَ لَيْسَ بِظَلَّامٍ لِلْعَبِيدِ10

(সেইদিনা তাক কোৱা হ’ব) ‘এইটো তোমাৰেই কৃতকৰ্মৰ ফল, আৰু আল্লাহে বান্দাসকলৰ প্ৰতি বিন্দুমাত্ৰও অন্যায় নকৰে’।
22:11জুজ 17 · পৃ. 333

وَمِنَ النَّاسِ مَنْ يَعْبُدُ اللَّهَ عَلَىٰ حَرْفٍ ۖ فَإِنْ أَصَابَهُ خَيْرٌ اطْمَأَنَّ بِهِ ۖ وَإِنْ أَصَابَتْهُ فِتْنَةٌ انْقَلَبَ عَلَىٰ وَجْهِهِ خَسِرَ الدُّنْيَا وَالْآخِرَةَ ۚ ذَٰلِكَ هُوَ الْخُسْرَانُ الْمُبِينُ11

মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিবিলাকে দ্বিধাৰ সৈতে আল্লাহৰ ইবাদত কৰে; তাৰ মঙ্গল হ’লে তেতিয়া তাৰ চিত্ত প্ৰশান্ত হয় আৰু কোনো বিপৰ্যয় ঘটিলে সি তাৰ পূৰ্ব চেহেৰাত উভতি যায়। সি ক্ষতিগ্ৰস্ত হয় পৃথিৱীত আৰু আখিৰাততো; এইটোৱেই স্পষ্ট ক্ষতি।
22:12জুজ 17 · পৃ. 333

يَدْعُو مِنْ دُونِ اللَّهِ مَا لَا يَضُرُّهُ وَمَا لَا يَنْفَعُهُ ۚ ذَٰلِكَ هُوَ الضَّلَالُ الْبَعِيدُ12

সি আল্লাহৰ পৰিবৰ্তে সেইবোৰক আহ্বান কৰে যিবোৰে তাৰ কোনো ক্ষতি কৰিব নোৱাৰে আৰু তাৰ কোনো উপকাৰো কৰিব নোৱাৰে; এইটোৱে চৰম পথভ্ৰষ্টতা!
22:13জুজ 17 · পৃ. 333

يَدْعُو لَمَنْ ضَرُّهُ أَقْرَبُ مِنْ نَفْعِهِ ۚ لَبِئْسَ الْمَوْلَىٰ وَلَبِئْسَ الْعَشِيرُ13

সি যিবোৰক আহ্বান কৰে সেইবোৰৰ ক্ষতি তাৰ লাভতকৈ বেছি। কিমান যে নিকৃষ্ট এই অভিভাৱক আৰু কিমান যে নিকৃষ্ট এই সহচৰ!
22:14জুজ 17 · পৃ. 333

إِنَّ اللَّهَ يُدْخِلُ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ ۚ إِنَّ اللَّهَ يَفْعَلُ مَا يُرِيدُ14

নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদদেশত নদীসমূহ প্ৰবাহিত; নিশ্চয় আল্লাহে যি ইচ্ছা সেইটোৱেই কৰে।
22:15জুজ 17 · পৃ. 333

مَنْ كَانَ يَظُنُّ أَنْ لَنْ يَنْصُرَهُ اللَّهُ فِي الدُّنْيَا وَالْآخِرَةِ فَلْيَمْدُدْ بِسَبَبٍ إِلَى السَّمَاءِ ثُمَّ لْيَقْطَعْ فَلْيَنْظُرْ هَلْ يُذْهِبَنَّ كَيْدُهُ مَا يَغِيظُ15

যিয়ে ধাৰণা কৰে যে, আল্লাহে তেওঁক (ৰাছুলক) সহায় নকৰিব, সিয়ে আকাশৰ ফালে এটা ৰছী প্ৰসাৰিত কৰক, তাৰ পিছত সেয়া কাটি দিয়ক, তাৰ পিছত চাওক তাৰ এই কৌশলে তাৰ আক্ৰোশ দূৰ কৰে নে নাই।
22:16জুজ 17 · পৃ. 334

وَكَذَٰلِكَ أَنْزَلْنَاهُ آيَاتٍ بَيِّنَاتٍ وَأَنَّ اللَّهَ يَهْدِي مَنْ يُرِيدُ16

এইদৰেই আমি সুস্পষ্ট নিদৰ্শন হিচাপে ইয়াক অৱতীৰ্ণ কৰিছো। নিশ্চয় আল্লাহে যাক ইচ্ছা হিদায়ত দান কৰে।
22:17জুজ 17 · পৃ. 334

إِنَّ الَّذِينَ آمَنُوا وَالَّذِينَ هَادُوا وَالصَّابِئِينَ وَالنَّصَارَىٰ وَالْمَجُوسَ وَالَّذِينَ أَشْرَكُوا إِنَّ اللَّهَ يَفْصِلُ بَيْنَهُمْ يَوْمَ الْقِيَامَةِ ۚ إِنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ شَهِيدٌ17

নিশ্চয় যিসকলে ঈমান আনিছে আৰু যিসকলে ইয়াহুদী হৈছে, আৰু যিসকলে ছাবেয়ী, খ্ৰীষ্টান আৰু অগ্নিপূজক আৰু যিবিলাকে শ্বিৰ্ক কৰিছে কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ মাজত ফয়চালা কৰি দিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ সম্যক প্ৰত্যক্ষকাৰী।
22:18জুজ 17 · পৃ. 334

أَلَمْ تَرَ أَنَّ اللَّهَ يَسْجُدُ لَهُ مَنْ فِي السَّمَاوَاتِ وَمَنْ فِي الْأَرْضِ وَالشَّمْسُ وَالْقَمَرُ وَالنُّجُومُ وَالْجِبَالُ وَالشَّجَرُ وَالدَّوَابُّ وَكَثِيرٌ مِنَ النَّاسِ ۖ وَكَثِيرٌ حَقَّ عَلَيْهِ الْعَذَابُ ۗ وَمَنْ يُهِنِ اللَّهُ فَمَا لَهُ مِنْ مُكْرِمٍ ۚ إِنَّ اللَّهَ يَفْعَلُ مَا يَشَاءُ ۩18

তুমি দেখা নাইনে যে, আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহকেই ছাজদাহ কৰে, আৰু সূৰ্য, চন্দ্ৰ, নক্ষত্ৰমণ্ডলী, পৰ্বতৰাজি, বৃক্ষলতা, জীৱ-জন্তু লগতে বহুতো মানুহেও ছাজদাহ কৰে? আৰু বহুতৰে প্ৰতি সাব্যস্ত হৈছে শাস্তি। আল্লাহে যাক অপমানিত কৰে তাক সন্মানদাতা কোনো নাই; নিশ্চয় আল্লাহ যি ইচ্ছা সেইটোৱে কৰে।
22:19জুজ 17 · পৃ. 334

۞ هَٰذَانِ خَصْمَانِ اخْتَصَمُوا فِي رَبِّهِمْ ۖ فَالَّذِينَ كَفَرُوا قُطِّعَتْ لَهُمْ ثِيَابٌ مِنْ نَارٍ يُصَبُّ مِنْ فَوْقِ رُءُوسِهِمُ الْحَمِيمُ19

এই দুটা বিবদমান পক্ষ, সিহঁতে নিজ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছে; এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে জুইৰ কাপোৰ কাটি পোছাক তৈয়াৰ কৰা হৈছে, সিহঁতৰ মূৰত ঢালি দিয়া হ’ব উতলা পানী।
22:20জুজ 17 · পৃ. 334

يُصْهَرُ بِهِ مَا فِي بُطُونِهِمْ وَالْجُلُودُ20

ইয়াৰ দ্বাৰা সিহঁতৰ পেটৰ ভিতৰত যি আছে সেয়া লগতে সিহঁতৰ ছালবোৰ বিগলিত কৰা হ’ব।
22:21জুজ 17 · পৃ. 334

وَلَهُمْ مَقَامِعُ مِنْ حَدِيدٍ21

আৰু সিহঁতৰ বাবে থাকিব লোৰ হাতুৰী।
22:22জুজ 17 · পৃ. 334

كُلَّمَا أَرَادُوا أَنْ يَخْرُجُوا مِنْهَا مِنْ غَمٍّ أُعِيدُوا فِيهَا وَذُوقُوا عَذَابَ الْحَرِيقِ22

যেতিয়াই সিহঁতে যন্ত্ৰণাত কাতৰ হৈ জাহান্নামৰ পৰা ওলাব বিচাৰিব তেতিয়াই সিহঁতক তালৈকে উভতাই দিয়া হ’ব; আৰু কোৱা হ’ব, ‘ভোগ কৰা দহন যন্ত্ৰণা’।
22:23জুজ 17 · পৃ. 334

إِنَّ اللَّهَ يُدْخِلُ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ يُحَلَّوْنَ فِيهَا مِنْ أَسَاوِرَ مِنْ ذَهَبٍ وَلُؤْلُؤًا ۖ وَلِبَاسُهُمْ فِيهَا حَرِيرٌ23

নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদদেশত নদীসমূহ প্ৰবাহিত; তাত তেওঁলোকক অলংকৃত কৰা হ’ব সোণৰ খাৰু আৰু মকুতাৰ দ্বাৰা আৰু তাত তেওঁলোকৰ পোছাক হ’ব ৰেচমৰ।
22:24জুজ 17 · পৃ. 335

وَهُدُوا إِلَى الطَّيِّبِ مِنَ الْقَوْلِ وَهُدُوا إِلَىٰ صِرَاطِ الْحَمِيدِ24

তেওঁলোকক পৱিত্ৰ বাক্যৰ অনুগামী কৰা হৈছিল আৰু তেওঁলোক পৰিচালিত হৈছিল পৰম প্ৰশংসিত আল্লাহৰ পথত।
22:25জুজ 17 · পৃ. 335

إِنَّ الَّذِينَ كَفَرُوا وَيَصُدُّونَ عَنْ سَبِيلِ اللَّهِ وَالْمَسْجِدِ الْحَرَامِ الَّذِي جَعَلْنَاهُ لِلنَّاسِ سَوَاءً الْعَاكِفُ فِيهِ وَالْبَادِ ۚ وَمَنْ يُرِدْ فِيهِ بِإِلْحَادٍ بِظُلْمٍ نُذِقْهُ مِنْ عَذَابٍ أَلِيمٍ25

নিশ্চয় যিসকলে কুফৰী কৰিছে সিহঁতে আল্লাহৰ পথৰ পৰা লগতে মছজিদে হাৰামৰ পৰা মানুহক বাধা দিয়ে, য’ত আমি স্থানীয় আৰু বহিৰাগত সকলো মানুহৰ বাবেই সম অধিকাৰ দান কৰিছো, তাত যিয়ে অন্যায়ভাৱে ইলহাদ তথা দ্বীনবিৰোধী পাপ কৰ্মৰ ইচ্ছা কৰে, আমি তাক যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰাম।
22:26জুজ 17 · পৃ. 335

وَإِذْ بَوَّأْنَا لِإِبْرَاهِيمَ مَكَانَ الْبَيْتِ أَنْ لَا تُشْرِكْ بِي شَيْئًا وَطَهِّرْ بَيْتِيَ لِلطَّائِفِينَ وَالْقَائِمِينَ وَالرُّكَّعِ السُّجُودِ26

আৰু স্মৰণ কৰা, যেতিয়া আমি ইব্ৰাহীমক ঘৰৰ (বাইতুল্লাহৰ) স্থান নিৰ্ধাৰণ কৰি দিছিলো, তেতিয়া কৈছিলো, ‘মোৰ লগত আন কাকো অংশী নকৰিবা আৰু মোৰ ঘৰখনক তাৱাফকাৰীসকলৰ বাবে, ছালাত আদায়কাৰীসকলৰ বাবে আৰু ৰুকু-ছাজদাকাৰী সকলৰ বাবে পৱিত্ৰ কৰি ৰাখিবা।
22:27জুজ 17 · পৃ. 335

وَأَذِّنْ فِي النَّاسِ بِالْحَجِّ يَأْتُوكَ رِجَالًا وَعَلَىٰ كُلِّ ضَامِرٍ يَأْتِينَ مِنْ كُلِّ فَجٍّ عَمِيقٍ27

‘আৰু মানুহৰ মাজত হজ্জৰ বাবে ঘোষণা কৰি দিয়া, তেওঁলোকে তোমাৰ ওচৰত আহিব খোজকাঢ়ি আৰু সকলো ধৰণৰ উটৰ পিঠিত আৰোহণ কৰি, তেওঁলোক আহিব দূৰ-দূৰণিৰ পথ অতিক্ৰম কৰি;
22:28জুজ 17 · পৃ. 335

لِيَشْهَدُوا مَنَافِعَ لَهُمْ وَيَذْكُرُوا اسْمَ اللَّهِ فِي أَيَّامٍ مَعْلُومَاتٍ عَلَىٰ مَا رَزَقَهُمْ مِنْ بَهِيمَةِ الْأَنْعَامِ ۖ فَكُلُوا مِنْهَا وَأَطْعِمُوا الْبَائِسَ الْفَقِيرَ28

‘যাতে তেওঁলোকে নিজৰ কল্যাণৰ ঠাইবোৰত উপস্থিত হ’ব পাৰে আৰু আল্লাহে তেওঁলোকক চতুষ্পদ জন্তুৰ পৰা যিবোৰ জীৱিকা হিচাপে দান কৰিছে সেইবোৰৰ ওপৰত নিৰ্দিষ্ট দিনবোৰত আল্লাহৰ নাম উচ্চাৰণ কৰিব পাৰে। সেয়ে তোমালোকে তাৰ পৰা নিজে খোৱা আৰু দুখীয়া-নিচলা, অভাৱগ্ৰস্তক আহাৰ কৰোৱা।
22:29জুজ 17 · পৃ. 335

ثُمَّ لْيَقْضُوا تَفَثَهُمْ وَلْيُوفُوا نُذُورَهُمْ وَلْيَطَّوَّفُوا بِالْبَيْتِ الْعَتِيقِ29

‘তাৰ পিছত তেওঁলোকে যেন অপৰিচ্ছন্নতা দূৰ কৰে আৰু তেওঁলোকৰ মানত পূৰ্ণ কৰে আৰু প্ৰাচীন ঘৰৰ তাৱাফ কৰে’।
22:30জুজ 17 · পৃ. 335

ذَٰلِكَ وَمَنْ يُعَظِّمْ حُرُمَاتِ اللَّهِ فَهُوَ خَيْرٌ لَهُ عِنْدَ رَبِّهِ ۗ وَأُحِلَّتْ لَكُمُ الْأَنْعَامُ إِلَّا مَا يُتْلَىٰ عَلَيْكُمْ ۖ فَاجْتَنِبُوا الرِّجْسَ مِنَ الْأَوْثَانِ وَاجْتَنِبُوا قَوْلَ الزُّورِ30

এইটোৱে বিধান আৰু যিয়ে আল্লাহৰ সন্মানিত বিধানাৱলীৰ প্ৰতি সন্মান কৰিব তেন্তে তাৰ প্ৰতিপালকৰ ওচৰত তাৰ বাবে এইটোৱে উত্তম। তোমালোকৰ বাবে চতুষ্পদ জন্তু হালাল কৰা হৈছে কিন্তু সেইবোৰৰ বাহিৰে যিবোৰৰ বিষয়ে তোমালোকক তিলাৱত কৰি (নিষিদ্ধ বুলি) জনোৱা হৈছে। সেয়ে তোমালোকে মূৰ্তিপূজাৰ অপৱিত্ৰতাৰ পৰা বাচি থাকা আৰু মিছা কথা বৰ্জন কৰা।
22:31জুজ 17 · পৃ. 336

حُنَفَاءَ لِلَّهِ غَيْرَ مُشْرِكِينَ بِهِ ۚ وَمَنْ يُشْرِكْ بِاللَّهِ فَكَأَنَّمَا خَرَّ مِنَ السَّمَاءِ فَتَخْطَفُهُ الطَّيْرُ أَوْ تَهْوِي بِهِ الرِّيحُ فِي مَكَانٍ سَحِيقٍ31

আল্লাহৰ প্ৰতি একনিষ্ঠ হৈ আৰু তেওঁৰ লগত আনক অংশীদাৰ নকৰি। কাৰণ যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে সি যেনিবা আকাশৰ পৰা পৰিল আৰু চৰাইয়ে তাক থাপ মাৰি লৈ গ’ল নাইবা বতাহে তাক উৰুৱাই নি কোনো দূৰৱৰ্তী ঠাইত নিক্ষেপ কৰিলে।
22:32জুজ 17 · পৃ. 336

ذَٰلِكَ وَمَنْ يُعَظِّمْ شَعَائِرَ اللَّهِ فَإِنَّهَا مِنْ تَقْوَى الْقُلُوبِ32

এইটোৱে আল্লাহৰ বিধান আৰু যিয়ে আল্লাহৰ নিদৰ্শনাৱলীক সন্মান কৰে নিসন্দেহে সেয়া তাৰ হৃদয়ৰ তাক্বৱাপ্ৰসূত।
22:33জুজ 17 · পৃ. 336

لَكُمْ فِيهَا مَنَافِعُ إِلَىٰ أَجَلٍ مُسَمًّى ثُمَّ مَحِلُّهَا إِلَى الْبَيْتِ الْعَتِيقِ33

এই চতুষ্পদ জন্তুবোৰৰ মাজত তোমালোকৰ বাবে নানাবিধ উপকাৰ আছে এটা নিৰ্দিষ্ট সময়লৈকে; তাৰ পিছত এইবোৰৰ কুৰবানীৰ স্থান হৈছে প্ৰাচীন ঘৰটোৰ ওচৰত।
22:34জুজ 17 · পৃ. 336

وَلِكُلِّ أُمَّةٍ جَعَلْنَا مَنْسَكًا لِيَذْكُرُوا اسْمَ اللَّهِ عَلَىٰ مَا رَزَقَهُمْ مِنْ بَهِيمَةِ الْأَنْعَامِ ۗ فَإِلَٰهُكُمْ إِلَٰهٌ وَاحِدٌ فَلَهُ أَسْلِمُوا ۗ وَبَشِّرِ الْمُخْبِتِينَ34

আৰু আমি প্ৰত্যেক সম্প্ৰদায়ৰ বাবে ‘মানছাক’ৰ নিয়ম বনাই দিছো; যাতে তেওঁ তেওঁলোকক জীৱনোপকৰণ হিচাপে যিবোৰ চতুষ্পদ জন্তু প্ৰদান কৰিছে, সেইবোৰৰ ওপৰত তেওঁলোকে আল্লাহৰ নাম উচ্চাৰণ কৰে। এতেকে তোমালোকৰ ইলাহ কেৱল একক ইলাহ, সেয়ে কেৱল তেওঁৰ ওচৰতেই আত্মসমৰ্পণ কৰা, আৰু সুসংবাদ দিয়া বিনীতলোক সকলক,
22:35জুজ 17 · পৃ. 336

الَّذِينَ إِذَا ذُكِرَ اللَّهُ وَجِلَتْ قُلُوبُهُمْ وَالصَّابِرِينَ عَلَىٰ مَا أَصَابَهُمْ وَالْمُقِيمِي الصَّلَاةِ وَمِمَّا رَزَقْنَاهُمْ يُنْفِقُونَ35

যিসকলৰ ওচৰত আল্লাহৰ কথা উল্লেখ কৰা হ’লে তেওঁলোকৰ হৃদয় ভয়তে কম্পিত হয়, যিসকলে নিজৰ বিপদ-আপদত ধৈৰ্য ধাৰণ কৰে আৰু ছালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা ব্যয় কৰে।
22:36জুজ 17 · পৃ. 336

وَالْبُدْنَ جَعَلْنَاهَا لَكُمْ مِنْ شَعَائِرِ اللَّهِ لَكُمْ فِيهَا خَيْرٌ ۖ فَاذْكُرُوا اسْمَ اللَّهِ عَلَيْهَا صَوَافَّ ۖ فَإِذَا وَجَبَتْ جُنُوبُهَا فَكُلُوا مِنْهَا وَأَطْعِمُوا الْقَانِعَ وَالْمُعْتَرَّ ۚ كَذَٰلِكَ سَخَّرْنَاهَا لَكُمْ لَعَلَّكُمْ تَشْكُرُونَ36

আৰু উটক আমি আল্লাহৰ নিদৰ্শনসমূহৰ মাজত অন্যতম নিদৰ্শন বনাইছো, তোমালোকৰ বাবে তাৰ মাজত বহুতো কল্যাণ আছে। সেয়ে এটা ভৰি বান্ধি থোৱা আৰু বাকী তিনিটা ভৰিত থিয় দি থকা অৱস্থাত তোমালোকে তাৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ কৰা। তাৰ পিছত যেতিয়া সিহঁত কাতি হৈ পৰি যায়, তেতিয়া তোমালোকে তাৰ পৰা (মাংস) খোৱা আৰু আহাৰ কৰোৱা ধৈৰ্যশীল অভাৱগ্ৰস্তক লগতে সাহায্যপ্ৰাৰ্থীসকলক; এইদৰেই আমি সেইবোৰক তোমালোকৰ বশীভূত কৰি দিছো যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।
22:37জুজ 17 · পৃ. 336

لَنْ يَنَالَ اللَّهَ لُحُومُهَا وَلَا دِمَاؤُهَا وَلَٰكِنْ يَنَالُهُ التَّقْوَىٰ مِنْكُمْ ۚ كَذَٰلِكَ سَخَّرَهَا لَكُمْ لِتُكَبِّرُوا اللَّهَ عَلَىٰ مَا هَدَاكُمْ ۗ وَبَشِّرِ الْمُحْسِنِينَ37

সেইবোৰ পশুৰ ৰক্ত আৰু মাংস আল্লাহৰ ওচৰত গৈ নাপায়, বৰং তেওঁৰ ওচৰত গৈ পায় কেৱল তোমালোকৰ তাক্বৱা। এইদৰেই তেওঁ এইবোৰক তোমালোকৰ বশীভূত কৰি দিছে যাতে তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা, এই কাৰণে যে, তেৱেঁই তোমালোকক হিদায়ত কৰিছে, সেয়ে তুমি সুসংবাদ দিয়া সৎকৰ্মপৰায়ণ সকলক।
22:38জুজ 17 · পৃ. 336

۞ إِنَّ اللَّهَ يُدَافِعُ عَنِ الَّذِينَ آمَنُوا ۗ إِنَّ اللَّهَ لَا يُحِبُّ كُلَّ خَوَّانٍ كَفُورٍ38

নিশ্চয় আল্লাহে মুমিনসকলক প্ৰতিৰক্ষা দি থাকে, তেওঁ কোনো বিশ্বাসঘাতক, অকৃতজ্ঞ ব্যক্তিক পছন্দ নকৰে।
22:39জুজ 17 · পৃ. 337

أُذِنَ لِلَّذِينَ يُقَاتَلُونَ بِأَنَّهُمْ ظُلِمُوا ۚ وَإِنَّ اللَّهَ عَلَىٰ نَصْرِهِمْ لَقَدِيرٌ39

যুদ্ধৰ অনুমতি দিয়া হ’ল তেওঁলোকক যিসকলে আক্ৰান্ত হৈছে, কাৰণ তেওঁলোকক নিৰ্যাতন কৰা হৈছে। নিশ্চয় আল্লাহে তেওঁলোকক সহায় কৰিবলৈ সম্যক সক্ষম;
22:40জুজ 17 · পৃ. 337

الَّذِينَ أُخْرِجُوا مِنْ دِيَارِهِمْ بِغَيْرِ حَقٍّ إِلَّا أَنْ يَقُولُوا رَبُّنَا اللَّهُ ۗ وَلَوْلَا دَفْعُ اللَّهِ النَّاسَ بَعْضَهُمْ بِبَعْضٍ لَهُدِّمَتْ صَوَامِعُ وَبِيَعٌ وَصَلَوَاتٌ وَمَسَاجِدُ يُذْكَرُ فِيهَا اسْمُ اللَّهِ كَثِيرًا ۗ وَلَيَنْصُرَنَّ اللَّهُ مَنْ يَنْصُرُهُ ۗ إِنَّ اللَّهَ لَقَوِيٌّ عَزِيزٌ40

তেওঁলোকক নিজ ঘৰ-বাৰীৰ পৰা অন্যায়ভাৱে বহিষ্কাৰ কৰা হৈছে, তেওঁলোকৰ অপৰাধ কেৱল এইটোৱে যে, তেওঁলোকে কয়, ‘আমাৰ ৰব আল্লাহ’। আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন, তেন্তে বিধ্বস্ত হৈ গ’লেহেঁতেন খৃষ্টান সন্যাসীসকলৰ উপাসনালয়, গীৰ্জা, ইয়াহুদীসকলৰ উপাসনালয় লগতে মছজিদসমূহ—য’ত বেছি বেছি আল্লাহৰ নাম স্মৰণ কৰা হয়। নিশ্চয় আল্লাহে তাক সহায় কৰে যিয়ে আল্লাহক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান, পৰাক্ৰমশালী।
22:41জুজ 17 · পৃ. 337

الَّذِينَ إِنْ مَكَّنَّاهُمْ فِي الْأَرْضِ أَقَامُوا الصَّلَاةَ وَآتَوُا الزَّكَاةَ وَأَمَرُوا بِالْمَعْرُوفِ وَنَهَوْا عَنِ الْمُنْكَرِ ۗ وَلِلَّهِ عَاقِبَةُ الْأُمُورِ41

এওঁলোকেই হৈছে সেইসকল লোক যিসকলক আমি পৃথিৱীৰ বুকুত প্ৰতিষ্ঠিত কৰিলে তেওঁলোকে ছালাত কায়েম কৰিব, যাকাত প্ৰদান কৰিব আৰু সৎকমৰ নিৰ্দেশ দিব লগতে অসৎকৰ্ম নিষেধ কৰিব; আৰু সকলো কৰ্মৰ চূড়ান্ত পৰিণতি আল্লাহৰ ইখতিয়াৰত।
22:42জুজ 17 · পৃ. 337

وَإِنْ يُكَذِّبُوكَ فَقَدْ كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ وَعَادٌ وَثَمُودُ42

আৰু সিহঁতে যদি তোমাক অস্বীকাৰ কৰে, তেন্তে (এয়া কোনো নতুন কথা নহয়) সিহঁতৰ পূৰ্বেও নূহ, আদ আৰু ছামূদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল,
22:43জুজ 17 · পৃ. 337

وَقَوْمُ إِبْرَاهِيمَ وَقَوْمُ لُوطٍ43

লগতে ইব্ৰাহীম আৰু লূতৰ সম্প্ৰদায়েও (অস্বীকাৰ কৰিছিল),
22:44জুজ 17 · পৃ. 337

وَأَصْحَابُ مَدْيَنَ ۖ وَكُذِّبَ مُوسَىٰ فَأَمْلَيْتُ لِلْكَافِرِينَ ثُمَّ أَخَذْتُهُمْ ۖ فَكَيْفَ كَانَ نَكِيرِ44

আৰু মাদাইনৰ অধিবাসীবিলাকেও। এইদৰে অস্বীকাৰ কৰা হৈছিল মুছাকো। এতেকে কাফিৰসকলক মই অৱকাশ দিছিলো, তাৰ পিছতহে আমি সিহঁতক ধৰিছিলো। এতেকে (প্ৰত্যক্ষ কৰা) মোৰ প্ৰত্যাখ্যান (শাস্তি) কেনেকুৱা আছিল!
22:45জুজ 17 · পৃ. 337

فَكَأَيِّنْ مِنْ قَرْيَةٍ أَهْلَكْنَاهَا وَهِيَ ظَالِمَةٌ فَهِيَ خَاوِيَةٌ عَلَىٰ عُرُوشِهَا وَبِئْرٍ مُعَطَّلَةٍ وَقَصْرٍ مَشِيدٍ45

আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছো যিবোৰৰ অধিবাসীবিলাক আছিল যালিম। ফলত এইবোৰ জনপদে সিহঁতৰ ঘৰৰ চাদৰ সৈতে ধ্বংসস্তূপত পৰিণত হৈছে। এইদৰে কিমান যে কুঁৱা পৰিত্যক্ত হৈছে আৰু কিমান যে সুদৃঢ় প্ৰসাদ ধ্বংস হৈছে!
22:46জুজ 17 · পৃ. 337

أَفَلَمْ يَسِيرُوا فِي الْأَرْضِ فَتَكُونَ لَهُمْ قُلُوبٌ يَعْقِلُونَ بِهَا أَوْ آذَانٌ يَسْمَعُونَ بِهَا ۖ فَإِنَّهَا لَا تَعْمَى الْأَبْصَارُ وَلَٰكِنْ تَعْمَى الْقُلُوبُ الَّتِي فِي الصُّدُورِ46

সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে সিহঁতে জ্ঞান বুদ্ধি সম্পন্ন হৃদয় আৰু শ্ৰুতিশক্তি সম্পন্ন শ্ৰৱণৰ অধিকাৰী হ’ব পাৰিলেহেঁতেন। প্ৰকৃততে চকু অন্ধ নহয়, বৰং অন্ধ হৈছে বুকুৰ মাজত অৱস্থিত হৃদয়।
22:47জুজ 17 · পৃ. 338

وَيَسْتَعْجِلُونَكَ بِالْعَذَابِ وَلَنْ يُخْلِفَ اللَّهُ وَعْدَهُ ۚ وَإِنَّ يَوْمًا عِنْدَ رَبِّكَ كَأَلْفِ سَنَةٍ مِمَّا تَعُدُّونَ47

আৰু সিহঁতে শাস্তি আনিবলৈ তোমাক খৰখেদা কৰিবলৈ কয়, অথচ আল্লাহে তেওঁৰ প্ৰতিশ্ৰুতি কেতিয়াও ভঙ্গ নকৰে। নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ ওচৰত এদিন তোমালোকৰ গণনাত সেয়া এহেজাৰ বছৰৰ সমান;
22:48জুজ 17 · পৃ. 338

وَكَأَيِّنْ مِنْ قَرْيَةٍ أَمْلَيْتُ لَهَا وَهِيَ ظَالِمَةٌ ثُمَّ أَخَذْتُهَا وَإِلَيَّ الْمَصِيرُ48

আৰু আমি বহুতো জনপদক অৱকাশ দিছিলো অথচ সিহঁত আছিল যালিম, তাৰ পিছত আমি সিহঁতক গ্ৰেপ্তাৰ কৰিছো, আৰু আমাৰ ওচৰতেই প্ৰত্যাৱৰ্তনস্থল।
22:49জুজ 17 · পৃ. 338

قُلْ يَا أَيُّهَا النَّاسُ إِنَّمَا أَنَا لَكُمْ نَذِيرٌ مُبِينٌ49

কোৱা, ‘হে মানৱ সম্প্ৰদায়! মই কেৱল তোমালোকৰ বাবে এজন সুস্পষ্ট সতৰ্ককাৰী’;
22:50জুজ 17 · পৃ. 338

فَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ لَهُمْ مَغْفِرَةٌ وَرِزْقٌ كَرِيمٌ50

এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু সন্মানজনক জীৱিকা;
22:51জুজ 17 · পৃ. 338

وَالَّذِينَ سَعَوْا فِي آيَاتِنَا مُعَاجِزِينَ أُولَٰئِكَ أَصْحَابُ الْجَحِيمِ51

আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰা চেষ্টা কৰে, সিহঁতেই হ’ব জাহান্নামৰ অধিবাসী।
22:52জুজ 17 · পৃ. 338

وَمَا أَرْسَلْنَا مِنْ قَبْلِكَ مِنْ رَسُولٍ وَلَا نَبِيٍّ إِلَّا إِذَا تَمَنَّىٰ أَلْقَى الشَّيْطَانُ فِي أُمْنِيَّتِهِ فَيَنْسَخُ اللَّهُ مَا يُلْقِي الشَّيْطَانُ ثُمَّ يُحْكِمُ اللَّهُ آيَاتِهِ ۗ وَاللَّهُ عَلِيمٌ حَكِيمٌ52

আৰু আমি তোমাৰ পূৰ্বে যি ৰাছুল অথবা নবী প্ৰেৰণ কৰিছো, তেওঁলোকৰ কোনোবাই যেতিয়া (অহী বাণী) তিলাৱত কৰিছে, তেতিয়াই চয়তানে তেওঁলোকৰ তিলাৱতত (কিবা) নিক্ষেপ কৰিছে, কিন্তু চয়তানে যি নিক্ষেপ কৰে আল্লাহে সেয়া বিদূৰিত কৰে। তাৰ পিছত আল্লাহে তেওঁৰ আয়াতসমূহক সুপ্ৰতিষ্ঠিত কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
22:53জুজ 17 · পৃ. 338

لِيَجْعَلَ مَا يُلْقِي الشَّيْطَانُ فِتْنَةً لِلَّذِينَ فِي قُلُوبِهِمْ مَرَضٌ وَالْقَاسِيَةِ قُلُوبُهُمْ ۗ وَإِنَّ الظَّالِمِينَ لَفِي شِقَاقٍ بَعِيدٍ53

এইটো এই কাৰণে যে, চয়তানে যি প্ৰক্ষিপ্ত কৰে, সেয়া তেওঁ সিহঁতৰ বাবে পৰীক্ষাৰ বস্তু বনাই দিয়ে যিসকলৰ অন্তৰত ব্যধি আছে আৰু যিসকলৰ অন্তৰ অতি কঠোৰ। নিশ্চয় যালিমসকল ঘোৰ বিৰোধিতাত লিপ্ত আছে।
22:54জুজ 17 · পৃ. 338

وَلِيَعْلَمَ الَّذِينَ أُوتُوا الْعِلْمَ أَنَّهُ الْحَقُّ مِنْ رَبِّكَ فَيُؤْمِنُوا بِهِ فَتُخْبِتَ لَهُ قُلُوبُهُمْ ۗ وَإِنَّ اللَّهَ لَهَادِ الَّذِينَ آمَنُوا إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ54

আৰু এইটো এই বাবেও যে, যিসকলক জ্ঞান দিয়া হৈছে সিহঁতে যেন জানিব পাৰে যে, এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য; ফলত সিহঁতে ইয়াৰ ওপৰত বিশ্বাস স্থাপন কৰে আৰু সিহঁতৰ অন্তৰ ইয়াৰ প্ৰতি বিনয়াৱনত হয়। নিশ্চয় যিসকলে ঈমান আনিছে আল্লাহে তেওঁলোকক সৰল পথ দেখুৱাব।
22:55জুজ 17 · পৃ. 338

وَلَا يَزَالُ الَّذِينَ كَفَرُوا فِي مِرْيَةٍ مِنْهُ حَتَّىٰ تَأْتِيَهُمُ السَّاعَةُ بَغْتَةً أَوْ يَأْتِيَهُمْ عَذَابُ يَوْمٍ عَقِيمٍ55

আৰু যিসকলে কুফৰী কৰিছে সিহঁতে ইয়াৰ প্ৰতি সন্দেহ পোষণ কৰিয়েই থাকিব, সিহঁতৰ ওচৰত আকস্মিকভাৱে কিয়ামত নহা লৈকে অথবা সিহঁতৰ ওচৰত এটা বন্ধা দিনৰ শাস্তি নহা লৈকে।
22:56জুজ 17 · পৃ. 339

الْمُلْكُ يَوْمَئِذٍ لِلَّهِ يَحْكُمُ بَيْنَهُمْ ۚ فَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ فِي جَنَّاتِ النَّعِيمِ56

সেইদিনা কেৱল আল্লাহৰেই আধিপত্য; তেৱেঁই সিহঁতৰ মাজত বিচাৰ কৰিব। তাৰ পিছত যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে নিয়ামতপূৰ্ণ জান্নাতত অৱস্থান কৰিব।
22:57জুজ 17 · পৃ. 339

وَالَّذِينَ كَفَرُوا وَكَذَّبُوا بِآيَاتِنَا فَأُولَٰئِكَ لَهُمْ عَذَابٌ مُهِينٌ57

আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবেই আছে লাঞ্ছনাদায়ক শাস্তি।
22:58জুজ 17 · পৃ. 339

وَالَّذِينَ هَاجَرُوا فِي سَبِيلِ اللَّهِ ثُمَّ قُتِلُوا أَوْ مَاتُوا لَيَرْزُقَنَّهُمُ اللَّهُ رِزْقًا حَسَنًا ۚ وَإِنَّ اللَّهَ لَهُوَ خَيْرُ الرَّازِقِينَ58

আৰু যিসকলে আল্লাহৰ পথত হিজৰত কৰিছে, তাৰ পিছত নিহত হৈছে অথবা মৃত্যুবৰণ কৰিছে, তেওঁলোকক অৱশ্যে আল্লাহে উৎকৃষ্ট জীৱিকা প্ৰদান কৰিব; আৰু নিশ্চয় আল্লাহ, তেৱেঁই হৈছে সৰ্বোৎকৃষ্ট জীৱিকাদাতা।
22:59জুজ 17 · পৃ. 339

لَيُدْخِلَنَّهُمْ مُدْخَلًا يَرْضَوْنَهُ ۗ وَإِنَّ اللَّهَ لَعَلِيمٌ حَلِيمٌ59

তেওঁ অৱশ্যে তেওঁলোকক এনে স্থানত প্ৰৱেশ কৰাব, যিটো তেওঁলোকে পছন্দ কৰিব। নিশ্চয় আল্লাহ মহাজ্ঞানী, পৰম সহনশীল।
22:60জুজ 17 · পৃ. 339

۞ ذَٰلِكَ وَمَنْ عَاقَبَ بِمِثْلِ مَا عُوقِبَ بِهِ ثُمَّ بُغِيَ عَلَيْهِ لَيَنْصُرَنَّهُ اللَّهُ ۗ إِنَّ اللَّهَ لَعَفُوٌّ غَفُورٌ60

এইটোৱেই হ’ল প্ৰকৃত ৰীতি, আৰু যি ব্যক্তিয়ে নিৰ্যাতিত হৈ তাৰ সমপৰিমাণ প্ৰতিশোধ গ্ৰহণ কৰে, তাৰ পিছত পুনৰ সি নিৰ্যাতিত হয় তেন্তে নিশ্চয় আল্লাহে তেওঁক সহায় কৰিব; নিশ্চয় আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।
22:61জুজ 17 · পৃ. 339

ذَٰلِكَ بِأَنَّ اللَّهَ يُولِجُ اللَّيْلَ فِي النَّهَارِ وَيُولِجُ النَّهَارَ فِي اللَّيْلِ وَأَنَّ اللَّهَ سَمِيعٌ بَصِيرٌ61

এইটো এই বাবে যে, নিশ্চয় আল্লাহে ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক প্ৰৱেশ কৰায় ৰাতিৰ মাজত। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা,
22:62জুজ 17 · পৃ. 339

ذَٰلِكَ بِأَنَّ اللَّهَ هُوَ الْحَقُّ وَأَنَّ مَا يَدْعُونَ مِنْ دُونِهِ هُوَ الْبَاطِلُ وَأَنَّ اللَّهَ هُوَ الْعَلِيُّ الْكَبِيرُ62

আৰু এই কাৰণেও যে, নিশ্চয় আল্লাহ, কেৱল তেৱেঁই সত্য আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সেই সকলো অসত্য। নিশ্চয় আল্লাহ, তেৱেঁই সুউচ্চ, সুমহান।
22:63জুজ 17 · পৃ. 339

أَلَمْ تَرَ أَنَّ اللَّهَ أَنْزَلَ مِنَ السَّمَاءِ مَاءً فَتُصْبِحُ الْأَرْضُ مُخْضَرَّةً ۗ إِنَّ اللَّهَ لَطِيفٌ خَبِيرٌ63

তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে? যাৰ ফলত পৃথিৱী সেউজীয়া হৈ উঠে? নিশ্চয় আল্লাহ সুক্ষ্মদৰ্শী, সম্যক অৱহিত।
22:64জুজ 17 · পৃ. 339

لَهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۗ وَإِنَّ اللَّهَ لَهُوَ الْغَنِيُّ الْحَمِيدُ64

আকাশসমূত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। নিশ্চয় আল্লাহ, তেৱেঁই অভাৱমুক্ত, পৰম প্ৰশংসিত।
22:65জুজ 17 · পৃ. 340

أَلَمْ تَرَ أَنَّ اللَّهَ سَخَّرَ لَكُمْ مَا فِي الْأَرْضِ وَالْفُلْكَ تَجْرِي فِي الْبَحْرِ بِأَمْرِهِ وَيُمْسِكُ السَّمَاءَ أَنْ تَقَعَ عَلَى الْأَرْضِ إِلَّا بِإِذْنِهِ ۗ إِنَّ اللَّهَ بِالنَّاسِ لَرَءُوفٌ رَحِيمٌ65

তুমি লক্ষ্য কৰা নাইনে, পৃথিৱীত যি আছে সেই সকলো আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু নৌযানসমূহকো, যিবোৰ তেওঁৰ নিৰ্দেশতেই সাগৰত বিচৰণ কৰে? আৰু তেৱেঁই আকাশক ধৰি ৰাখিছে, যাতে তেওঁৰ অনুমতিবিহীন পৃথিৱীৰ ওপৰত পৰি নাযায়। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি স্নেহপ্ৰৱণ, পৰম দয়ালু।
22:66জুজ 17 · পৃ. 340

وَهُوَ الَّذِي أَحْيَاكُمْ ثُمَّ يُمِيتُكُمْ ثُمَّ يُحْيِيكُمْ ۗ إِنَّ الْإِنْسَانَ لَكَفُورٌ66

তেৱেঁই তোমালোকক জীৱিত কৰিছে আৰু তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব, আকৌ তেৱেঁই পুনৰ তোমালোকক জীৱিত কৰিব। নিশ্চয় মানুহ বৰ বেছি অকৃতজ্ঞ।
22:67জুজ 17 · পৃ. 340

لِكُلِّ أُمَّةٍ جَعَلْنَا مَنْسَكًا هُمْ نَاسِكُوهُ ۖ فَلَا يُنَازِعُنَّكَ فِي الْأَمْرِ ۚ وَادْعُ إِلَىٰ رَبِّكَ ۖ إِنَّكَ لَعَلَىٰ هُدًى مُسْتَقِيمٍ67

আমি প্ৰত্যেক উম্মতৰ বাবে ইবাদতৰ নিয়ম-পদ্ধতি নিৰ্ধাৰণ কৰি দিছো যিটো সিহঁতে পালন কৰে। এতেকে সিহঁতে যেন এই বিষয়ে তোমাৰ লগত বিতৰ্ক নকৰে। তুমি তোমাৰ প্ৰতিপালকৰ পিনে আহ্বান কৰা। নিশ্চয় তুমি সৰল পথত প্ৰতিষ্ঠিত।
22:68জুজ 17 · পৃ. 340

وَإِنْ جَادَلُوكَ فَقُلِ اللَّهُ أَعْلَمُ بِمَا تَعْمَلُونَ68

আৰু যদি সিহঁতে তোমাৰ লগত বিতৰ্ক কৰে তেন্তে কোৱা, ‘তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত’।
22:69জুজ 17 · পৃ. 340

اللَّهُ يَحْكُمُ بَيْنَكُمْ يَوْمَ الْقِيَامَةِ فِيمَا كُنْتُمْ فِيهِ تَخْتَلِفُونَ69

‘তোমালোকে যি বিষয়ে মতানৈক্য কৰিছা আল্লাহে কিয়ামতৰ দিনা সেই বিষয়ে তোমালোকৰ মাজত বিচাৰ-মীমাংসা কৰি দিব’।
22:70জুজ 17 · পৃ. 340

أَلَمْ تَعْلَمْ أَنَّ اللَّهَ يَعْلَمُ مَا فِي السَّمَاءِ وَالْأَرْضِ ۗ إِنَّ ذَٰلِكَ فِي كِتَابٍ ۚ إِنَّ ذَٰلِكَ عَلَى اللَّهِ يَسِيرٌ70

তুমি নাজানা নে যে, আকাশ আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহে জানে। নিশ্চয় সেই সকলো (লিখা) আছে এখন পুথিত। নিশ্চয় আল্লাহৰ ওচৰত এয়া অতি সহজ।
22:71জুজ 17 · পৃ. 340

وَيَعْبُدُونَ مِنْ دُونِ اللَّهِ مَا لَمْ يُنَزِّلْ بِهِ سُلْطَانًا وَمَا لَيْسَ لَهُمْ بِهِ عِلْمٌ ۗ وَمَا لِلظَّالِمِينَ مِنْ نَصِيرٍ71

আৰু সিহঁতে আল্লাহৰ পৰিবৰ্তে এনে বস্তুৰ ইবাদত কৰে যিবোৰৰ বিষয়ে তেওঁ কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই, আৰু যাৰ বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই। অৱশ্যে যালিমসকলৰ কোনো সহায়কাৰী নাই।
22:72জুজ 17 · পৃ. 340

وَإِذَا تُتْلَىٰ عَلَيْهِمْ آيَاتُنَا بَيِّنَاتٍ تَعْرِفُ فِي وُجُوهِ الَّذِينَ كَفَرُوا الْمُنْكَرَ ۖ يَكَادُونَ يَسْطُونَ بِالَّذِينَ يَتْلُونَ عَلَيْهِمْ آيَاتِنَا ۗ قُلْ أَفَأُنَبِّئُكُمْ بِشَرٍّ مِنْ ذَٰلِكُمُ ۗ النَّارُ وَعَدَهَا اللَّهُ الَّذِينَ كَفَرُوا ۖ وَبِئْسَ الْمَصِيرُ72

আৰু সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ’লে তুমি কাফিৰসকলৰ মুখমণ্ডলত অসন্তুষ্ট ভাৱ দেখিবলৈ পাবা। যিসকলে আমাৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰে সিহঁতে তেওঁলোকক আক্ৰমণ কৰিবলৈ উদ্যত হয়। কোৱা, ‘মই তোমালোকক ইয়াতকৈয়ো নিকৃষ্ট বস্তুৰ সংবাদ দিমনে?--- সেয়া হ’ল জুই। যিসকলে কুফৰী কৰিছে আল্লাহে সিহঁতক ইয়াৰ প্ৰতিশ্ৰুতি দিছে। এইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!’
22:73জুজ 17 · পৃ. 341

يَا أَيُّهَا النَّاسُ ضُرِبَ مَثَلٌ فَاسْتَمِعُوا لَهُ ۚ إِنَّ الَّذِينَ تَدْعُونَ مِنْ دُونِ اللَّهِ لَنْ يَخْلُقُوا ذُبَابًا وَلَوِ اجْتَمَعُوا لَهُ ۖ وَإِنْ يَسْلُبْهُمُ الذُّبَابُ شَيْئًا لَا يَسْتَنْقِذُوهُ مِنْهُ ۚ ضَعُفَ الطَّالِبُ وَالْمَطْلُوبُ73

হে মানৱ সম্প্ৰদায়! এটা উদাহৰণ দাঙি ধৰা হৈছে, মনোযোগ দি শুনাঃ তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁত আটায়ে মিলি কেতিয়াও এটা মাখিও সৃষ্টি কৰিব নোৱাৰে। বৰং মাখিয়ে যদি সিহঁতৰ পৰা কোনো বস্তু কাঢ়ি নিয়ে তথাপিও সিহঁতে তাৰ পৰা সেই বস্তুটো উদ্ধাৰ কৰিব নোৱাৰিব। প্ৰাৰ্থনাকাৰী আৰু যাৰ ওচৰত প্ৰাৰ্থনা কৰা হয় সিহঁত উভয়েই দুৰ্বল।
22:74জুজ 17 · পৃ. 341

مَا قَدَرُوا اللَّهَ حَقَّ قَدْرِهِ ۗ إِنَّ اللَّهَ لَقَوِيٌّ عَزِيزٌ74

সিহঁতে আল্লাহক যথাযোগ্য মৰ্যাদা দিয়া নাই যেনেকুৱা মৰ্যাদা দিয়া উচিত আছিল। নিশ্চয় আল্লাহ ক্ষমতাবান, পৰাক্ৰমশালী।
22:75জুজ 17 · পৃ. 341

اللَّهُ يَصْطَفِي مِنَ الْمَلَائِكَةِ رُسُلًا وَمِنَ النَّاسِ ۚ إِنَّ اللَّهَ سَمِيعٌ بَصِيرٌ75

আল্লাহে ফিৰিস্তাসকলৰ পৰা আৰু মানুহৰ মাজৰ পৰা ৰাছুল মনোনীত কৰে। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সম্যক দ্ৰষ্টা।
22:76জুজ 17 · পৃ. 341

يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ ۗ وَإِلَى اللَّهِ تُرْجَعُ الْأُمُورُ76

তেওঁলোকৰ সন্মুখত আৰু পিছত যি আছে সেই সকলো তেওঁ জানে আৰু সকলো বিষয় আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত কৰা হ’ব।
22:77জুজ 17 · পৃ. 341

يَا أَيُّهَا الَّذِينَ آمَنُوا ارْكَعُوا وَاسْجُدُوا وَاعْبُدُوا رَبَّكُمْ وَافْعَلُوا الْخَيْرَ لَعَلَّكُمْ تُفْلِحُونَ ۩77

হে মুমিনসকল! তোমালোকে ৰুকু কৰা, ছাজদাহ কৰা আৰু তোমালোকৰ প্ৰতিপালকৰ ইবাদত কৰা লগতে সৎকৰ্ম কৰা, যাতে তোমালোকে সফলকাম হ’ব পাৰা।
22:78জুজ 17 · পৃ. 341

وَجَاهِدُوا فِي اللَّهِ حَقَّ جِهَادِهِ ۚ هُوَ اجْتَبَاكُمْ وَمَا جَعَلَ عَلَيْكُمْ فِي الدِّينِ مِنْ حَرَجٍ ۚ مِلَّةَ أَبِيكُمْ إِبْرَاهِيمَ ۚ هُوَ سَمَّاكُمُ الْمُسْلِمِينَ مِنْ قَبْلُ وَفِي هَٰذَا لِيَكُونَ الرَّسُولُ شَهِيدًا عَلَيْكُمْ وَتَكُونُوا شُهَدَاءَ عَلَى النَّاسِ ۚ فَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَاعْتَصِمُوا بِاللَّهِ هُوَ مَوْلَاكُمْ ۖ فَنِعْمَ الْمَوْلَىٰ وَنِعْمَ النَّصِيرُ78

আৰু আল্লাহৰ পথত জিহাদ কৰা যেনেকৈ জিহাদ কৰা উচিত। তেওঁ তোমালোকক মনোনীত কৰিছে। তেওঁ দ্বীন সম্পৰ্কে তোমালোকৰ ওপৰত কোনো কঠোৰতা আৰোপ কৰা নাই। এইটো তোমালোকৰ পিতৃ ইব্ৰাহীমৰ দ্বীন। তেৱেঁই তোমালোকক ইয়াৰ পূৰ্বেই নামকৰণ কৰিছে ‘মুছলিম’ বুলি আৰু এই কিতাবতো (এই নামেৰে নামকৰণ কৰা হৈছে); যাতে ৰাছুল তোমালোকৰ বাবে সাক্ষী হয় আৰু তোমালোকে মানুহৰ বাবে সাক্ষী হোৱা। সেয়ে তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু আল্লাহক মজবুতকৈ অৱলম্বন কৰা; তেৱেঁই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী!

ছূৰাৰ আৰম্ভণিৰ পৰা চলাওক

Abdullah Basfar - Al-Hajj · Tlawati